ৰঙিয়া,23 জুলাইঃবৃহস্পতিবাৰে ৰঙিয়াত বান পৰিস্থিতিৰ বুজ ল'বলৈ উপস্থিত হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ ৰঙিয়াৰ বান বিধ্বস্ত ঠাই পৰিদৰ্শন কৰাৰ লগতে আশ্ৰয় শিবিৰত থকা বন্যাৰ্তৰ খবৰ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে। পৰিদৰ্শন কালত মুখ্যমন্ত্ৰী সোণোৱালৰ লগত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত,জলসিঞ্চন মন্ত্ৰী তথা স্থানীয় বিধায়ক ভৱেশ কলিতা,সাংসদ দিলীপ শইকীয়া আৰু কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতা উপস্থিত থাকে । প্ৰথমে মুখ্যমন্ত্ৰীয়ে প্ৰতিনিধি দলটোৰ সৈতে বানত চিঙি যোৱা ৰঙিয়া মহকুমাধিপতি পথটো পৰিদৰ্শন কৰে। ইয়াৰ পিছত ৰঙিয়া শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ আশ্ৰয় শিবিৰত উপস্থিত হয় । তাত বানপীড়িত লোকসকলৰ মনৰ বুজ লোৱাৰ লগতে বান সাহাৰ্য সঠিকভাৱে পাইছে নে নাই,সেই বিষয়ে খবৰ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে।
বান পৰিস্থিতিৰ বুজ ল'বলৈ ৰঙিয়াত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল - ৰঙিয়াৰ বান বিধ্বস্ত ঠাই পৰিদৰ্শন
বৃহস্পতিবাৰে ৰঙিয়াৰ বান বিধ্বস্ত ঠাই পৰিদৰ্শন কৰাৰ লগতে আশ্ৰয় শিবিৰত থকা বন্যাৰ্তৰ খবৰ লয় ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
![বান পৰিস্থিতিৰ বুজ ল'বলৈ ৰঙিয়াত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল cm at rangia flood relief camp](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8142557-thumbnail-3x2-a.jpg)
বান পৰিস্থিতিৰ বুজ ল'বলৈ ৰঙিয়াত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
বান পৰিস্থিতিৰ বুজ ল'বলৈ ৰঙিয়াত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংবাদ মাধ্যমৰ আগত শীঘ্ৰে বগৰীবাৰীত পুঠিমাৰী নৈৰ প্ৰলয়ংকাৰী বানে চিঙি নিয়া মথাউৰি নিৰ্মাণ কৰিব বুলি আশ্বাস প্ৰদান কৰে । ইতিমধ্যে ইয়াৰ প্ৰয়োজনীয় ধন মুকলি কৰা বুলি তেওঁ জানিবলৈ দিয়ে । লগতে বানাক্ৰান্তক পৰ্যাপ্ত পৰিমাণে সাহাৰ্য প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷