বাইহাটা,23 মে’:ৰাজ্যবাসীলৈ এক সুখবৰ ৷ কৰ’ণা মহামাৰী ৰুধিবলৈ বিহাৰৰ জামছেদপুৰৰ পৰা প্ৰায় 80 মেট্ৰিকটন অক্সিজেন লৈ অহা এখন বিশেষ ৰে’ল পালেহি আমিনগাঁও । দেওবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আমিনগাঁৱত আইচিডিটিত উপস্থিত হৈ অক্সিজেন পৰিবাহী ৰে’লখনক আদৰণি জনায় ৷ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সংবাদ মাধ্যমক জনোৱা অনুসৰি, এতিয়াৰে পৰা প্ৰতি সপ্তাহত বিহাৰৰ জামছেদপুৰৰ পৰা দুখনকৈ অক্সিজেন পৰিবাহী ৰে’ল অসমলৈ আহিব ৷ এই অক্সিজেনখিনি ৰাজ্যত থকা চিকিৎসা মহাবিদ্যালয় হাস্পতালসমূহলৈ প্ৰেৰণ কৰা হ’ব ৷
আমিনগাঁৱত অক্সিজেন পৰিবাহী ৰে’ল উপস্থিত: মুখ্যমন্ত্ৰীয়ে জনালে অভিবাদন - আইচিডিটি
দেওবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আমিনগাঁৱত আইচিডিটিত উপস্থিত হৈ অক্সিজেন পৰিবাহী ৰে’লখনক আদৰণি জনায় ৷ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সংবাদ মাধ্যমক জনোৱা অনুসৰি, এতিয়াৰে পৰা প্ৰতি সপ্তাহত বিহাৰৰ জামছেদপুৰৰ পৰা দুখনকৈ অক্সিজেন পৰিবাহী ৰে’ল অসমলৈ আহিব ৷
আমিনগাঁৱত অক্সিজেন পৰিবাহী ৰে’ল উপস্থিত
তদুপৰি অতিৰিক্ত অক্সিজেনখিনি উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ্যসমূহলৈ প্ৰেৰণ কৰাৰ কথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ ৰিতুল শইকীয়াৰ মুক্তিৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আলফা (স্বা) ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক ধন্যবাদ জ্ঞাপন কৰে ৷
লগতে চাওকঃঅপহৰণৰ 30 দিন : ৰিতুল শইকীয়াৰ মুখেৰে সবিশেষ বৰ্ণনা