অসম

assam

ETV Bharat / state

গছপুলি ৰোপণেৰে অসমক উজ্বলাই তুলিবলৈ আহ্বান মুখ্যমন্ত্ৰী সোণোৱালৰ - মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

শুকুৰবাৰে মহানগৰীৰ গাতে লাগি থকা দ্বীপৰ বিলৰ সমীপৰ চকৰ্দৈস্থিত বন বিভাগৰ ৰাণী সংৰক্ষিত এলেকাত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য ৷ বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি গছপুলি ৰোপণ কৰে মুখ্যমন্ত্ৰী সোণোৱালে ৷

cm appeals all people to tree plantation on the occasion of world environment day
cm appeals all people to tree plantation on the occasion of world environment day

By

Published : Jun 5, 2020, 5:42 PM IST

আজাৰা, 5 জুনঃবিশ্ব পৰিৱেশ দিৱস উপলক্ষে মহানগৰীৰ গাতে লাগি থকা দ্বীপৰ বিলৰ সমীপৰ চকৰ্দৈস্থিত বন বিভাগৰ ৰাণী সংৰক্ষিত এলেকাত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ মুখ্যমন্ত্ৰী গৰাকীৰ লগত উপস্থিত থাকে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যও ৷ বন বিভাগৰ সংৰক্ষিত এলেকাটোত উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি গছপুলি ৰোপণ কৰে ৷ গছপুলি ৰোপণৰ পিচত মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমক সম্বোধন কৰি নৱ প্ৰজন্ম, দল সংগঠনৰ লগতে সকলো লোককে গছপুলি ৰুই জৈৱ বৈচিত্ৰৰেঅসমক উজ্বলাই তুলিবলৈ আহ্বান জনায় ৷

গছপুলি ৰোপনেৰে অসমক উজ্বলাই তুলিবলৈ আহ্বান মুখ্যমন্ত্ৰী সোণোৱালৰ

ABOUT THE AUTHOR

...view details