গুৱাহাটী, ২৩ মাৰ্চ :ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ (Assam State Pollution Control Board) জ্যেষ্ঠ পৰিৱেশ বিজ্ঞানী মনোজ শইকীয়াই জনোৱা মতে, ৰাজ্যৰ পাঁচখন চহৰ ক্ৰমে গুৱাহাটী, শিলচৰ, শিৱসাগৰ, নলবাৰী আৰু নগাঁৱৰ বায়ু প্ৰদূষণ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে (Air pollution rises in Assam cities) । তেওঁ কয় যে বায়ু প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পোৱা চহৰকেইখনত ধূলিৰ প্ৰদূষণ, যান-বাহনৰ প্ৰদূষণ আদি ৰোধ কৰাৰ বাবে কোনো উচিত ব্যৱস্থা নাই ।
তথ্য মতে, বায়ু প্ৰদূষণৰ কবলত পৰা চহৰকেইখনত বায়ুৰ গুণগত সূচাংক পি এম ১০, নাইট্ৰ’জেন অক্সাইড, ছালফাৰ-ডাই-অক্সাইডৰ পৰিমাণ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে (worst condition of air pollution in Assam) । বৰ্ধিত বায়ু প্ৰদূষণে মানুহৰ মাজত শ্বাস-প্ৰশ্বাসজনিত ৰোগ যেনে শ্বাসকফ আৰু হাঁপানি ৰোগ বৃদ্ধি কৰে । ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ তথ্য মতে, শ্বাসকফ বেমাৰ হোৱাৰ ক্ষেত্ৰত দেশৰ ২৯ ৰাজ্যৰ ভিতৰত অসম ১৫ সংখ্যক স্থানত আছে । পৰিষদৰ তথ্য মতে, ৰাজ্যত ১৫ লাখ শ্বাসকফ ৰোগী আছে । উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত অসমতে শ্বাসকফ ৰোগী বেছি আছে ।
জলবায়ু পৰিৱৰ্তনৰ কবলত পৰা গুৱাহাটীকে ধৰি ৰাজ্যৰ কেইবাখনো প্ৰদূষিত চহৰৰ প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ বাবে চৰকাৰৰ কোনো বিজ্ঞানসন্মত আৰু প্ৰণালীবদ্ধ কাৰ্যকৰী পৰিকল্পনা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । ৰাজ্য চৰকাৰে ২০১৭ চনত আৰম্ভ কৰা “ৰাষ্ট্ৰীয় নির্মল বায়ু আচঁনি”খন কাগজে-কলমে কাম কৰি থকা দেখা গৈছে । উল্লেখ্য যে উদ্যোগৰ বৰ্জিত পানী এৰি দিয়াৰ ফলত সৃষ্টি হ’ব পৰা পানী প্ৰদূষণ ৰোধৰ বাবে অসম প্ৰদূষণ নিয়ন্ত্রণ পৰিষদে তেনে উদ্যোগসমূহে “বর্জিত পানী নিষ্কাশন প্ৰণালী” সংযোগ কৰাটো বাধ্যতামূলক কৰিছে । কিন্তু এয়া বাস্তৱত কাৰ্যকৰী হোৱা নাই । এনে উদ্যোগৰ বিৰুদ্ধে পৰিষদ চকুমুদা কুলিৰ ভাওজুৰি থাকে ।