অসম

assam

ETV Bharat / state

ক’ভিড প্ৰট’কল মানি ৰঙিয়াত পাঠদান আৰম্ভ - Rangiya

প্ৰায় 20 মাহৰ বিৰতিৰ অন্তত পাঠদান আৰম্ভ হ’ল ৰঙিয়াৰ জৱাহৰলাল নেহৰু শিশু বিদ্যালয়ত ৷ পাঠদানৰ সময়ত সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি চলা হৈছে বিদ্যালয়খনত ৷

As_rangia_19oct_809_to_812_ptc+bite+photo+vis_school_opening_bandana_sarma_AS10040
ক’ভিড প্ৰট’কল মানি পাঠদান আৰম্ভ ৰঙিয়াৰ জৱাহৰলাল নেহৰু শিশু বিদ্যালয়ত

By

Published : Oct 19, 2021, 11:58 AM IST

ৰঙিয়া, 19 অক্টোবৰ :দীৰ্ঘ বিৰতিৰ অন্তত মঙলবাৰৰ পৰা আৰম্ভ হৈছে বিদ্যালয়সমূহৰ পাঠদান ৷ ক’ভিডৰ বাবে সুদীৰ্ঘ ২০ মাহে পাঠদান বন্ধ হৈ থকাত ব্যাপক লোকচানৰ সন্মুখীন হৈছিল ছাত্ৰ-ছাত্ৰীসকল ৷ যদিও চৰকাৰে অনলাইন প্ৰক্ৰিয়াৰে পাঠদান অব্যাহত ৰাখিবলৈ বিদ্যালয়সমূহক নিৰ্দশনা প্ৰদান কৰিছিল, কিন্তু বহু দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীয়ে এণ্ড্ৰইড ফোন নথকাৰ বাবে অনলাইন পাঠদান গ্ৰহণ কৰিব পৰা নাছিল ৷

ক’ভিড প্ৰট’কল মানি পাঠদান আৰম্ভ ৰঙিয়াৰ জৱাহৰলাল নেহৰু শিশু বিদ্যালয়ত

মঙলবাৰে সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানিয়ে পাঠদান আৰম্ভ কৰা হৈছে ৰঙিয়াৰ জৱাহৰলাল নেহৰু শিশু বিদ্যালয়ত ৷ পুৱা 9.15 বজাৰ পৰা 3.30 বজালৈ সম্পূৰ্ণ ৰুটিন অনুসৰিয়ে চলিব পাঠদান প্ৰক্ৰিয়া ৷ শ্ৰেণীকোঠাত মানি চলা হৈছে সামাজিক দূৰত্ব ৷ এখন বেঞ্চত দুগৰাকীকৈ ছাত্ৰ-ছাত্ৰী বহিবলৈ দিয়া হৈছে ৷

ইয়াৰ উপৰিও বিদ্যালয়ত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে ৷ যদি কোনো ছাত্ৰ অথবা ছাত্ৰীয়ে মাস্ক পৰিধান কৰা নাই তেন্তে তেওঁলোকক বিদ্যালয়ৰ তৰফৰ পৰা মাস্কৰ যোগান ধৰা হৈছে ৷

সমান্তৰালকৈ, মধ্যাহ্ন ভোজনৰ ক্ষেত্ৰতো কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে বিদ্যালয় কৰ্তৃপক্ষই ৷ কৰ্মচাৰী সকলক দুয়োটা ভেকচিন গ্ৰহণ কৰাটো বাধ্যতামূলক কৰা হৈছে ৷ এগৰাকী কৰ্মচাৰীয়ে দুয়োটা ভেকচিন গ্ৰহণ নকৰা বাবে তেওঁক সাময়িকভাৱে অব্যাহতি দিয়া হৈছে ৷ ইয়াৰ উপৰিও বিদ্যালয়ৰ শিক্ষকসকলেও দুয়োটা ভেকচিন গ্ৰহণ কৰিহে বিদ্যালয়লৈ অহা বুলি জানিবলৈ দিছে বিদ্যালয় কৰ্তৃপক্ষই ৷ পুনৰ পাঠদান আৰম্ভ হোৱাত উৎসাহিত হৈ পৰিছে ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱক সকল ৷

লগতে পঢ়ক :আজিৰে পৰা আৰম্ভ কটন বিশ্ববিদ্যালয়ৰ স্নাতক বিজ্ঞান শাখাৰ নামভৰ্তি প্ৰক্ৰিয়া

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details