অসম

assam

By

Published : Jan 17, 2021, 10:45 PM IST

ETV Bharat / state

এডৰা মাটিক কেন্দ্ৰ কৰি বকোত ভয়ানক সংঘাত

দক্ষিণ কামৰূপৰ বকোৰ সোণতলীত দেওবাৰে ভূমি কেন্দ্ৰ কৰি এক সংঘাত সংঘটিত হয় ৷ মাত্ৰ এডৰা মাটিৰ বাবে দুটা ফৈদৰ মাজত সংঘটিত হয় এই সংঘাত ৷

clash-for-land-at-boku
বকোত ভূমি কেন্দ্ৰ কৰি তয়াময়া সংঘাট

বকো, 17 জানুৱাৰী : দক্ষিণ কামৰূপৰ বকোৰ সোণতলীত দেওবাৰে সংঘটিত হয় এক ভূমি কেন্দ্ৰিক সংঘাত । দুটা ফৈদৰ মাজত সংঘটিত সংঘাতৰ ফলত প্ৰচণ্ড মাৰপিট হোৱা বুলি জানিবলৈ দিছে স্থানীয় লোকে । মাৰপিটৰ ফলত বেয়াকৈ আঘাতপ্ৰাপ্ত হয় পুৰাণগাঁৱৰ এম ই স্কুলৰ প্ৰধান শিক্ষক ফটিক আলী ।

প্ৰাপ্ত অভিযোগ অনুসৰি কিচমত কাঠমি গাঁৱৰ ফটিক আলী নামৰ শিক্ষক এজনৰ এডৰা মাটি দখল কৰিবলৈ আহিছিল ৬ জনীয়া এটা দলে । মাটিৰ মালিক ফটিক আলীয়ে 6 জনীয়া দলটোক বাধা প্ৰদান কৰাত সৃষ্টি হয় আক্ৰমণ প্ৰত্যাক্ৰমণৰ ।

বকোত ভূমি কেন্দ্ৰ কৰি তয়াময়া সংঘাট

দুটা দলৰ মাজত সংঘটিত হোৱা আক্ৰমণ প্ৰত্যাক্ৰমণৰ ফলত ফটিক আলীক বেয়াকৈ আক্ৰমণ কৰি ৫০ হাজাৰ, পানকাৰ্ড, ভোটাৰ কাৰ্ড কাঢ়ি লোৱাৰো অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে । ফটিক আলীক আক্ৰমণ চলোৱা 6 জনীয়া দলটোৰ বিৰুদ্ধে ইতিমধ্যে সোণতলী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে ৷

উল্লেখ্য যে , অভিযোগ অনুসৰি ফটিক আলীক আক্ৰমণ কৰা লোক কেইজনৰ নাম মজিবৰ হাজী, নজৰুল হক, আজমল হক, হান্নান আলী, জামিৰুল হক আৰু ফিৰোজ খাতুন ৷

লগতে পঢ়ক: সোমবাৰে অসমলৈ আহিব দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল অৰোৰা

ABOUT THE AUTHOR

...view details