অসম

assam

ETV Bharat / state

ৰাজ্যজুৰি চি আই টি ইউৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন - সংসদত গৃহীত হোৱা

ৰাজহুৱা সম্পদ ব্যক্তিগত কৰণৰ লগতে কিছুদিন পূৰ্বে সংসদত গৃহীত হোৱা কৃষি আইনৰ বিৰোধীতা কৰি দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰে চি আই টি ইউয়ে ।

CITU PROTEST OVERALL ASSAM
ৰাজ্যজুৰি চি আই টি ইউৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন

By

Published : Sep 23, 2020, 6:28 PM IST

ৰঙিয়া, ৰঙাপৰা,23 ছেপ্তেম্বৰঃসমগ্ৰ দেশজুৰি বুধবাৰে চি আই টি ইউয়ে কেন্দ্ৰীয় চৰকাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ তাৰ পৰিপ্ৰেক্ষিতত অসমৰ বিভিন্ন প্ৰান্ততো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা দেখা যায় ৷ ৰঙিয়া , ৰঙাপৰাতো কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে চি আই টি ইউৰ লগত প্ৰতিবাদত নামিল AJYCP ৷ চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে চি আই টি ইউয়ে ।

ৰাজ্যজুৰি চি আই টি ইউৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন

উল্লেখযোগ্য যে, ৰাজহুৱা সম্পদ ব্যক্তিগত কৰণৰ লগতে কিছুদিন পূৰ্বে সংসদত গৃহীত হোৱা কৃষি আইনৰ বিৰোধীতা কৰি দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰে চি আই টি ইউয়ে । অত্যাৱশ্যকীয় সামগ্ৰীৰ মুল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰাত চৰকাৰক ক্ষুৰধাৰ সমলোচনা কৰে চি আই টিইউ য়ে ৷ দেশৰ অন্যান্য ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচন সমূহৰ আহ্বান মৰ্মে বুধবাৰে চৰকাৰৰ ৰাজহুৱা খণ্ড ব্যক্তিগতকৰণৰ নীতি, শ্ৰমিক-কৃষক সম্পৰ্কীয় আইন সমূহৰ সংস্কাৰ আদিকে ধৰি চৰকাৰৰ বিভিন্ন জনবিৰোধী নীতিৰ বিৰুদ্ধে ৰঙাপৰাতো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে ।

লগতে পঢ়কঃকলগাছিয়াত চি আই টি ইউ আৰু কৃষক সভাৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details