ৰঙিয়া, 30 আগষ্টঃ ৰঙিয়াত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী পৰিষদৰ সংবাদমেল ৷ মধ্যাহ্ন ভোজন আঁচনিখন চৰকাৰে ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰাৰ প্ৰচেষ্টাৰ বিৰুদ্ধে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী পৰিষদৰ সংবাদমেল ৷ ৰঙিয়াৰ চি পি আই এমৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলখনত মধ্যাহ্ন ভোজন কৰ্মচাৰী বিভিন্ন দিশ আলোচিত হয় ৷ বিগত 9 বছৰ ধৰি মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলে মাহে মাত্ৰ এহেজাৰ টকা মাননিৰে কৰ্মৰত হৈ থকাৰ লগতে প্ৰাথমিক বিদ্যালয় সমুহত চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী নোহোৱা হেতুকে তেওঁলোকে এই ভূমিকাও পালন কৰি থকাৰ বিষয়েও আলোচনা কৰা লয় ৷
ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ মধ্যাহ্ন ভোজন আঁচনি - অক্ষয় পাত্ৰ ফাউণ্ডেশ্বন
ৰঙিয়াত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী পৰিষদৰ সংবাদমেল ৷ ৰঙিয়াৰ চি পি আই এমৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলখনত মধ্যাহ্ন ভোজন কৰ্মচাৰী বিভিন্ন দিশ আলোচিত হয় ৷ ৷

মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলে বিভিন্ন সময়ত আবেদন-নিবেদন তথা আন্দোলন কৰি অহাৰ পিছতো চৰকাৰে এই বিষয়ত এতিয়ালৈকে কোনো কাণসাৰ দিয়া পৰিলক্ষিত হোৱা নাই ৷ আনহাতে অসম চৰকাৰে মধ্যাহ্ন ভোজন আঁচনিখন অক্ষয় পাত্ৰ ফাউণ্ডেচনক চমজাই দিয়াৰ পূৰ্ণ প্ৰস্তুতি চলাইছে ৷ সেয়েহে মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলে অহা 4 চেপ্তেম্বৰত প্ৰতিখন জিলাৰ শিক্ষাখণ্ড বিষয়াৰ কাৰ্যালয় ঘেৰাওৰ কাৰ্য্যসূচী গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে ৷ ইয়াৰ পিছতো যদি চৰকাৰে মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলৰ দাবী মানি নলয় তেন্তে প্ৰতিবাদকাৰীসকলে গণতান্ত্ৰিকভাৱে ভয়াবহ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে ৷ উল্লেখ্য যে মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলৰ প্ৰতিবাদৰ সময়চোৱাত সৰ্বভাৰতীয় কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু শ্ৰমিক কৰ্মচাৰী সংগঠনসমুহেও অংশগ্ৰহণ কৰিব বুলি জনায় ৷