বকো, 8 জানুৱাৰীঃ বুধবাৰে কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী পৰিষদে আহ্বান কৰা ভাৰত বন্ধৰ মিশ্ৰিত প্ৰভাৱ দেখা গ’ল সকলোতে ৷ কামৰূপৰ বকোতো পালন দেশজুৰি পালন কৰা সাধাৰণ ধৰ্মঘট কাৰ্যসূচীৰ ৷ বকোৰ শনিবৰীয়া বজাৰ প্ৰাংগনত CITU ৰ দক্ষিণ কামৰূপ জিলা সমিটিৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী পালন কৰে ৷ CITU ৱে নিজৰ দীৰ্ঘদিনীয়া দাবীসমূহ পূৰণ তথা CAA ৰ তীব্ৰ বিৰোধিতা কৰে ৷ ইয়াৰোপৰি JNU কাণ্ডৰ তীব্ৰ নিন্দা কৰি বিজেপি চৰকাৰক তুলাধুনা দিয়ে।
গোৱালপাৰাঃ কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী পৰিষদৰ ভাৰত বন্ধৰ সামান্য প্ৰভাৱ দেখা গ’ল গোৱালপাৰাতো ৷ বন্ধৰ লগতে অব্যাহত থাকিল প্ৰতিবাদ ৷ এই বন্ধৰ সময়চোৱাত জিলাখনৰ লগতে চহৰতো আৰক্ষীৰ নিৰাপত্তা কটকটীয়া কৰা পৰিলক্ষিত হয়। আনহাতে এই বন্ধত বিভিন্ন শিক্ষানুষ্ঠান চৰকাৰী কাৰ্যালয় খোলা থাকে কিন্তু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ আংশিকভাবেহে খোলা দেখিবলৈ পোৱা যায়। ইয়াৰোপৰি ব্যক্তিগত যান-বাহন চলাচল দেখা পোৱা যায় যদিও ৰাজহুৱা বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থকা পৰিলক্ষিত হয়। ইফালে বন্ধৰ সময়ছোৱাত চি.আই.টি.ইউ সদস্যসকলে ৰাজপথত প্রতিবাদী কাৰ্যসূচীৰে পৰিৱেশ উত্তাল কৰি তোলে। বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে কঁপাই তোলে ৰাজপথ। লগতে বিজেপি চৰকাৰে দেশ গঢ়াৰ পৰিৱৰ্তে দেশ বিক্ৰী কৰি আছে তাৰ প্ৰতিবাদতে সকলোৱে ৰাজপথত ওলাই আহিবলগীয়া হৈছে বুলিও মন্তব্য কৰে।