অসম

assam

ETV Bharat / state

নিৰ্বাচনৰ ফলাফলৰ পাচতেই গৃহীত হ'ব নাগৰিকত্ব বিধেয়কঃ কুইন ওজা

বিজেপি শাসনৰ গাদীত অধিষ্ঠিত হ'লেই গৃহীত হ'ব নাগৰিকত্ব সংশোধনী বিধেয়ক ৷ নাগৰিকত্ব বিধেয়ক প্ৰৱৰ্তন কৰিবলৈ দৃঢ় পৰিকৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ এই মন্তব্য গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজাৰ

নিৰ্বাচনৰ ফলাফলৰ পাচতেই গৃহীত হ'ব নাগৰিকত্ব বিধেয়ক

By

Published : Apr 12, 2019, 3:45 PM IST

আজাৰা,12 এপ্ৰিলঃ নিৰ্বাচনী প্ৰচাৰৰ মাজতেই অসমীয়ালৈ শব্দবান কুইন ওজাৰ ৷ কেন্দ্ৰত মোডীয়ে শাসনভাৰ পুনৰ দখল কৰিলেই নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'ব বুলি নিৰ্বাচনী প্ৰচাৰৰ মাজতেই উল্লেখ কৰে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে ৷

নিৰ্বাচনৰ ফলাফলৰ পাচতেই গৃহীত হ'ব নাগৰিকত্ব বিধেয়ক

শুকুৰবাৰে দক্ষিণ কামৰূপৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ উপস্থিত হয় গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজা ৷ পলাশবাৰী বিধানসভা সমষ্টিত উপস্থিত হৈ মোডীৰ জয়গান গাই দক্ষিণ কামৰূপবাসীক কেৱল বিজেপিত ভোটদান কৰিবলৈ আহ্বান জনাই কুইন ওজাই ৷

শিলচৰৰ জনসভাত বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ কোনো সুৰুঙা নাৰাখে বুলি কোৱা কথাতো হয়ভৰ প্ৰদান কৰে বিজেপি প্ৰাৰ্থীগৰাকীয়ে ৷ লোকসভা নিৰ্বাচন সুকলমে সম্পন্ন হোৱাৰ পাচতেই নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগত বিশদভাৱে আলোচনা কৰা হ'ব বুলিও সাংবাদিকক জনাই কুইন ওজাই ৷ মোডীয়ে শাসনভাৰ পুনৰ দখল কৰাৰ পাচতেই নাগৰিকত্ব বিধেয়ক প্ৰণয়ন কৰা হ'ব বুলি দৃঢ়তাৰে প্ৰকাশ কৰে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে ৷ অৱশ্যে অসমীয়াৰ স্বাৰ্থ কোনো কাৰণতে বিঘ্নিত হ'বলৈ নিদিয়ে বুলিও প্ৰকাশ কৰে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details