অসম

assam

ETV Bharat / state

ৰাজ্যত ব্যাপক হাৰত কৰ'ণাৰ সামাজিক সংক্ৰমণৰ সম্ভাৱনা - চি আই এচ এফ কমাণ্ডেন্ট লাল মোহন ঠাকুৰ

COVID-19ত আক্ৰান্ত বৰঝাৰ বিমানবন্দৰৰ চি আই এচ এফ কমাণ্ডেন্ট লাল মোহন ঠাকুৰ সংস্পৰ্শলৈ অহা লোকসকল সম্প্ৰতিও ন্যস্ত হৈ আছে বিমানবন্দৰৰ দায়িত্ব পালনত ৷

cisf commandment of Guwahati Airport effected with corona virus
cisf commandment of Guwahati Airport effected with corona virus

By

Published : Jun 15, 2020, 9:53 PM IST

আজাৰা, 15 জুনঃ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ চি আই এচ এফ কমাণ্ডেন্ট লাল মোহন ঠাকুৰ আক্ৰান্ত COVID-19ত ৷ ৯ জুনত দিল্লীৰ পৰা বিমানৰে আক্ৰান্ত চি আই এচ এফ কমাণ্ডেন্ট গৰাকী ৷ তাৰ পিচতেই বৰঝাৰ বিমানবন্দৰত থকা চি আই এছ এফৰ কাৰ্যালয়ত কমাণ্ডেন্ট হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল ঠাকুৰে ৷ বৰঝাৰ বিমানবন্দৰ সঞ্চালককে ধৰি চি আই এচ এফৰ কেইবাগৰাকীও বিষয়া জোৱানে গামোচাৰে সম্বৰ্ধনাও জনাইছিল COVID আক্ৰান্ত কমাণ্ডেন্ট গৰাকীক ৷

পৰৱৰ্তী সময়ত লাল মোহন ঠাকুৰক স্বাস্থ্য বিভাগে কিৰণশ্ৰী গ্ৰেণ্ড হোটেলত স্বাৱ পৰীক্ষা কৰি প্ৰেৰণ কৰে বি এচ এফৰ অতিথিশালালৈ ৷ ১৩ জুনত পৰীক্ষাৰ ফলাফল পজিটিভ অহাত ঠাকুৰক নিশাই প্ৰেৰণ কৰা হয় চিকিৎসালয়লৈ ৷ কিন্তু চিন্তনীয় বিষয় যে, এই পৰ্যন্ত ঠাকুৰক বিমানবন্দৰত সম্বৰ্ধনা জনোৱা বা সংস্পৰ্শলৈ অহা লোকসকল কোৱাৰেণ্টাইন কৰোৱা হোৱা নাই ৷ তেওঁলোক এতিয়াও ন্যস্ত হৈ আছে বিমানবন্দৰৰ দায়িত্ব পালনত ৷ বহু লোকৰ সৈতে সংস্পৰ্শত অহা লোক কেইগৰাকীৰ জৰিয়তে এতিয়া ব্যাপক হাৰত গণ সংক্ৰমণ হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে ৷

লগতে পঢ়কঃকোভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ অন্তিম সংস্কাৰৰ বাবে দিল্লী চৰকাৰৰ উত্তৰ বিচাৰিছে উচ্চ ন্য়ায়ালয়ে

ABOUT THE AUTHOR

...view details