ৰঙিয়া,৬ নৱেম্বৰ :সুদীৰ্ঘ ২১ মাহৰ অন্তত শুকুৰবাৰে খোল খালে ৰঙিয়াৰ ডিলাইট গ'ল্ড চিনেমা (Delight Gold Cinema) । যাৰ বাবে এতিয়া চিনেমা হল কৰ্তৃপক্ষ আৰু কৰ্মচাৰীৰ লগতে দৰ্শকৰ মাজত ব্যাপক উৎসাহ । অত্যাধুনিক এই ছবিগৃহটোত কেৱল ৰঙিয়াৰে নহয় কামৰূপ, নলবাৰী, তামুলপুৰ, দৰং আৰু বৰপেটাৰো দৰ্শকে চিনেমা উপভোগ কৰিবলৈ আহে । ৰাজ্যৰ ভিতৰতে বৃহৎ অত্যাধুনিক এই ছবিগৃহটোত আছে ৬০৬ খন আসন ।
'সূৰ্যবংশী'(Suryavanshi) নামৰ হিন্দী ছবিখনেৰে পুনৰ আৰম্ভ এই ছবিগৃহটো । সম্পূৰ্ণ ক'ভিড প্ৰট'কল (Covid protocol) মানি ছবিগৃহটো খোলাৰ ব্যৱস্থা কৰিছে ছবিগৃহ কতৃপক্ষই । ডিলাইট চিনেমা হলটো এফালৰ পৰা চাফ–চিকুণ কৰাৰ লগতে ছেনিটাইজ কৰা হৈছে ৷ ইফালে ৫০ শতাংশ দৰ্শকে উপভোগ কৰিছে ছবি ।