কামৰূপ, 3 ছেপ্টেম্বৰ :উত্তৰ গুৱাহাটীৰ গৌৰীপুৰত জব্দ ট্ৰাকসহ বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট । গৌৰীপুৰ আৰক্ষী চকীয়ে গোপন সুত্ৰৰ ভিত্তীত জব্দ কৰা বিদেশী চিগাৰেটখিনিৰ মূল্য প্ৰায় ১০ লক্ষাধিক টকা । WB-23-E-0025 নম্বৰৰ এখন ট্ৰাকেৰে ইম্ফলৰ পৰা ঝাৰখণ্ডলৈ সৰবৰাহ কৰাৰ পথতে আৰক্ষীয়ে জব্দ কৰে চিগাৰেটখিনি । উত্তৰ গুৱাহাটী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অশোক সিঙৰ নেতৃত্বত চলোৱা তালাচী অভিযানত জব্দ কৰা হয় এই চিগাৰেটখিনি ৷
উত্তৰ গুৱাহাটীত জব্দ 10 লাখ টকা মূল্যৰ বিদেশী চিগাৰেট
উত্তৰ গুৱাহাটীৰ গৌৰীপুৰত ট্ৰাকসহ বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট জব্দ কৰা হয় ৷ আৰক্ষীয়ে ট্ৰাকখনৰ চালক সঞ্জয় চেত্ৰী আৰু হেণ্ডিমেন আমিৰ হুছেইনক আটক কৰিছে ৷
উত্তৰ গুৱাহাটীত জব্দ বিদেশী চিগাৰেট
ইফালে, ট্ৰাকখনৰ চালক সঞ্জয় চেত্ৰী আৰু হেণ্ডিমেন আমিৰ হুছেইনক আটক কৰিছে আৰক্ষীয়ে ৷ ঘটনা সন্দৰ্ভত উত্তৰ গুৱাহাটী আৰক্ষী চকীত 460/20 নম্বৰৰ ভাৰতীয় দণ্ডবিধি আইনৰ U/S- 379/411/34 IPC R/W Sec. 20(I)/20(2) Cotpa Actৰ অধীনত ৰুজু কৰা হৈছে গোচৰ । সমগ্ৰ ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষী চকীয়ে ।
অন্য এক খবৰৰ বাবে:বৰ্ষাকালিন অধিৱেশনৰ অন্তিমটো দিনত কি কি হ'ল ?