অসম

assam

ETV Bharat / state

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ চৰম প্ৰৱঞ্চনা ,বছৰ বছৰ ধৰি বিনা পাৰিশ্ৰমিকেৰে কৰ্মৰত শ শ কৰ্মচাৰী

19 বছৰে কাম কৰি মাননিৰ নামত পাইছে মাত্ৰ 25 হেজাৰ টকা, চাকৰি কৰা দিনকেইটাৰ পাৰিশ্ৰমিকৰ আশাত এতিয়াও কৰ্মৰত হৈ আছে 65 বছৰীয়া লোক, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ চৰম প্ৰৱঞ্চনা

বছৰ বছৰ ধৰি বিনা পাৰিশ্ৰমিকেৰে কৰ্মৰত শ শ কৰ্মচাৰী

By

Published : Jul 25, 2019, 9:46 AM IST

ছয়গাঁও, 25 জুলাইঃ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বকো সংমণ্ডলৰ অধীনত থকা প্ৰায় দুশটা পানী যোগান আঁচনিত কৰ্মৰত লোক সকলে বছৰ বছৰ ধৰি পোৱা নাই দৰমহা ৷ অভিযোগ মতে, প্ৰায় 20 বছৰ পূৰ্বে ৰাজ্যৰ পানীযোগান আঁচনি সমূহৰ একাংশত অবৈতনিক ভাৱে বহু কৰ্মচাৰীক নিযুক্তি দিয়া হৈছিল ৷ তাৰ লগতে চৰকাৰে প্ৰতিটো পানী যোগান আঁচনিৰ বিপৰীতে এখনকৈ পৰিচালনা সমিতি গঠন কৰি দি কমৰ্চাৰী সকলৰ মাননি সমূহ উক্ত সমিতিৰ একাউণ্টত সোমোৱাৰ ব্যৱস্থা কৰিছিল আৰু ইয়াৰ জৰিয়তে সমিতিয়ে কৰ্মচাৰীসকলক মাননি আদায় দিছিল ৷ কিন্তু পৰিতাপৰ কথা যে, উক্ত সমিতি সমূহৰ একাউণ্টত মাত্ৰ দুবাৰ মান টকা সোমোৱাৰ পিছত আজিলৈকে এটকাও সোমোৱা নাই যাৰ ফলত পানী যোগান আঁচনি সমূহত কৰ্মৰত লোক সকলৰ নাজল-নাথল অৱস্থা হৈছে ৷

বছৰ বছৰ ধৰি বিনা পাৰিশ্ৰমিকেৰে কৰ্মৰত শ শ কৰ্মচাৰী

উল্লেখযোগ্য যে, ৰাজ্যত এনেদৰে বছৰ বছৰ ধৰি মাননি নোপোৱাকৈ কাম কৰা কৰ্মচাৰীৰ সংখ্যা যথেষ্ট হ’ব ৷ কেৱল বকো উপ সংমণ্ডলৰ অধীনতে প্ৰায় 200 জন মান অবৈতনিক কৰ্মী আছে ৷ তাৰ ভিতৰত বহু সংখ্যক যুৱকে পাঁচৰ পৰা দহ বছৰলৈ কাম কৰিও এটকাও নোপোৱাৰ বিপৰীতে কিছু সংখ্যকে 19 বছৰে কাম কৰি মাননিৰ নামত পাইছে মাত্ৰ 25 হেজাৰ টকা ৷ তাতোকৈ ডাঙৰ কথা যে চাকৰিৰ বয়স উকলি যোৱাৰ পিছতো একমাত্ৰ চাকৰি কৰা দিনকেইটাৰ মাননিখিনি আদায় পোৱাৰ আশাৰে কাম কৰি আছে 65 বছৰীয়া লোকেও ৷

বছৰ বছৰ ধৰি বিনা পাৰিশ্ৰমিকেৰে কৰ্মৰত শ শ কৰ্মচাৰী

আনহাতে অবৈতনিকভাৱে নিয়োজিত এই কৰ্মচাৰী সকলে চাকৰি নিয়মীয়াকৰণৰ লগতে প্ৰাপ্য দৰমহা মোকলাই দিবলৈ উৰ্ধতম কৰ্তৃপক্ষৰ ওচৰত বাৰাম্বাৰ আবেদন কৰিছে যদিও কোনোৱে গুৰুত্ব প্ৰদান কৰা নাই ৷ এতিয়া প্ৰশ্ন উঠিছে বিগত বছৰ বছৰ ধৰি বিনা পাৰিশ্ৰমিকেৰে কাম কৰি অহা এই যুৱকসকলক চৰম প্ৰৱঞ্চনা কৰি অহা চৰকাৰ তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিয়াগোম নেতা সকলে ইয়াৰ পাছতো উন্নয়ন, নিবনুৱাৰ সংস্থাপন ইত্যাদিৰ কথা কৈ আৰু কিমান দিনলৈ জনসাধাৰণক ৰাম ঠগন দি থাকিব ?

ABOUT THE AUTHOR

...view details