ৰঙিয়া, 10 আগষ্ট :ৰঙিয়াত এজন চিকিৎসকৰ ভুল চিকিৎসাৰ বাবে জীৱন-মৃত্যুৰে যুঁজিছে এটি শিশুৱে ৷ যোৱা 10 মাহে চিকিৎসক গৰাকীৰ ওচৰত চিকিৎসা গ্ৰহণ কৰি এতিয়া নৰক যন্ত্ৰণাত চটফটাইছে শিশুটিয়ে ৷ এই চিকিৎসক গৰাকী হৈছে ৰঙিয়া থানাৰ অন্তৰ্গত শৌলা গাঁৱৰ উমেশ চন্দ্ৰ ডেকা ৷
কেতিয়াবা যদি নিজকে এম বি বি এছ ডাক্তৰ বুলি পৰিচয় দিয়ে কেতিয়াবা আকৌ হোমিঅ’পেথিক চিকিৎসক বুলি পৰিচয় দিয়ে উমেশ চন্দ্ৰ ডেকাই ৷ প্ৰাপ্ত খবৰ অনুসৰি, বিগত 10 মাহে চিকিৎসক উমেশ চন্দ্ৰ ডেকাৰ ওচৰত পুত্ৰ চুমন চাহিলৰ চিকিৎসা কৰাই আছে দৰং জিলাৰ ছিপাঝাৰৰ আবেদুৰ ৰহমান নামৰ এজন ব্যক্তিয়ে ৷ কিন্তু চিকিৎসা গ্ৰহণ কৰাৰ পিছৰে পৰা লাহে লাহে গুৰুতৰভাৱে অসুস্থ হৈ পৰে আবেদুৰ ৰহমানৰ পুত্ৰ চুমন চাহিল ৷
ভুক্তভোগীৰ পিতৃয়ে বৰ্তমান চুমন চাহিলৰ ককালৰ পৰা তলৰ সকলো অংগ ইতিমধ্যে গেলি-পচি যোৱা বুলি চিকিৎসক উমেশ চন্দ্ৰ ডেকাক বিৱৰি কোৱাত খঙত অগ্নিশৰ্মা হৈ উঠে চিকিৎসক উমেশ চন্দ্ৰ ডেকা ৷
ৰোগীৰ মৃত্যু হলে চিকিৎসক দায়ী নহয় বুলি দাবী ধমকি দি চুমন চাহিলৰ পিতৃ আবেদুৰ ৰহমানক খেদি পঠিয়াই চিকিৎসক উমেশ চন্দ্ৰ ডেকাই ৷ অৱশেষত উপাই বিহীন হৈ ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপিছে শিশুটিৰ পিতৃয়ে ৷ ইতিমধ্যে এই সন্দৰ্ভত ৰঙিয়া থানাত এজাহাৰ দাখিল কৰিছে শিশুটিৰ পিতৃ আবেদুৰ ৰহমানে ৷