বকো, 1 জুন: ৰাজ্যত আজিও সম্পুৰ্ণৰূপে ৰোধ হোৱা নাই বাল্য বিবাহ । সমাজৰ একাংশ দেৱানী মাতাব্বৰ আৰু মুখাপিন্ধা ভদ্ৰলোকৰ তৎপৰতাত অব্যাহত আছে সামাজিক ব্যাধি, বাল্য বিবাহ । নিশা বকোৰ নগৰবেৰাৰ ৰঙ্গেশ্বৰীত বাল্য বিবাহৰ বিৰুদ্ধে বকো চাইল্ড লাইন আৰু টুপামাৰী আৰক্ষীয়ে এক অভিযান চলায় । অভিযানত ৰঙ্গেশ্বৰী গাঁৱৰ পৰা এগৰাকী 16 বছৰীয়া নৱ বিবাহিতা নাবালকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
ৰাজ্যত অব্যাহত বাল্য বিবাহঃ চাইল্ড লাইনে উদ্ধাৰ কৰিলে নৱবিবাহিতা কিশোৰীক
নিশা বকোৰ নগৰবেৰাৰ ৰঙ্গেশ্বৰীত বাল্য বিবাহৰ বিৰুদ্ধে বকো চাইল্ড লাইন আৰু টুপামাৰী আৰক্ষীয়ে এক অভিযান চলায় । অভিযানত ৰঙ্গেশ্বৰী গাঁৱৰ পৰা এগৰাকী 16 বছৰীয়া নৱ বিবাহিতা নাবালিকাক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
ৰাইজ্যত এতিয়াও প্ৰচলিত বাল্য বিবাহ, চাইল্ড লাইনৰ ভূক্তভোগীক উদ্ধাৰ
লগতে পঢ়ক: জয়দ্বীপ হত্যাকাণ্ডৰ মূল অভিযুক্তক আটক
এই গৰাকী নাবালকক যোৱা 28 মে’ ত বৰপেটাৰ মাজৰচৰৰ পৰা বিয়া পাতি আনিছিল ৰঙ্গেশ্বৰী গাঁৱৰ ছইফুৰ ৰহমান নামৰ যুৱকজনে। উল্লেখ্য যে,নৱ বিবাহিত স্বামী ছইফুৰ ৰহমান আৰু শহুৰ নাৱেব আলী সম্প্ৰতি পলাতক ।