ছয়গাঁও, 22 জুলাই : অৱশেষত উদ্ধাৰ হ’ল পলাশবাৰীৰ পাৰ্লী সদিলাপুৰৰ অপহৃত শিশুটি ৷ জীৱিত অৱস্থাত নহয়, মৃত অৱস্থাত উদ্ধাৰ হ’ল পাৰ্লী সদিলাপুৰৰ অপহৃত শিশুটি ৷ বৃহস্পতিবাৰে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ হয় শিশুটিৰ মৃতদেহ ৷
প্ৰাপ্ত তথ্য অনুসৰি, সোমবাৰে দুপৰীয়াৰ পৰাই নিখোজ হৈ আছিল শিশুটি ৷ পৰিয়াল তথা চুবুৰীয়াই পদুলিমুখৰ পৰাই চাৰিচকীয়া বাহনত শিশুটিক দুৰ্বৃত্তই লৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছিল । হৰি কলিতা আৰু জুনু কলিতাৰ ছয় বছৰীয়া পুত্ৰ আছিল কৌশিক কলিতা নামৰ শিশুটো ৷
এই ঘটনাৰ সন্দৰ্ভত পৰিয়ালৰ লোকে পলাশবাৰী নগৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছিল । কিন্তু শিশুটিৰ কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাছিল আৰক্ষী ৷ দৰাচলতে ভালদৰে কথা ক’বলৈ নোৱাৰা কৌশিকৰ সন্ধান উলিওৱাত ব্যৰ্থ হৈছিল স্থানীয় আৰক্ষী ৷