অসম

assam

বোৱাৰী নিৰ্যাতন: ছয়গাঁৱত মহিলাৰ উত্তাল প্ৰতিবাদ

By

Published : Aug 19, 2019, 7:00 PM IST

দক্ষিণ কামৰূপৰ আমত’লা সত্ৰৰ এগৰাকী বোৱাৰীক স্বামী গৃহৰ লোকে অকথ্য নিৰ্যাতন কৰি ঘৰৰ পৰা উলিয়াই দিয়াৰ প্ৰতিবাদত শতাধিক মহিলাৰ প্ৰতিবাদী কাৰ্যসূচী

বোৱাৰী নিৰ্যাতন: ছয়গাঁৱত মহিলাৰ উত্তাল প্ৰতিবাদ

দক্ষিণ কামৰূপ, 19 আগষ্ট: দক্ষিণ কামৰূপৰ কুকুৰমাৰাৰ আমত’লা সত্ৰত সংঘটিত হোৱা তথা সভ্য সমাজক লজ্জানত কৰা বোৱাৰী নিৰ্যাতনৰ ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ দক্ষিণ কামৰূপ অঞ্চলত । ঘটনা অনুসৰি কুকুৰ মাৰাৰ আমতলা সত্ৰ গাঁৱৰ নিবাসী জুবুল দাস নামৰ লোকজনে নিজৰ পত্নী মৰমী দাসক বহু দিন ধৰি অকথ্য নিৰ্যাতন কৰি আহিছিল ৷ কিন্তু যোৱা শনিবাৰে অমানবীয়তাৰ সকলো সীমা অতিক্ৰম কৰি স্বামী জুবুল দাসে পৰিয়ালৰ আন সদস্যৰে মিলি নিজ পত্নীক পথাৰৰ মাজত পেলাই থৈ আহে ৷ কিন্তু ভাগ্যক্ৰমে পাছত মুমূৰ্ষ অৱস্থাত বোৱাৰী গৰাকীক স্থানীয় লোকে উদ্ধাৰ কৰি পিতৃ গৃহলৈ লৈ যায় ৷ সকলো ঘটনাৰ গম পোৱাৰ পাছত নিৰ্যাতিত বোৱাৰীগৰাকীৰ পিতৃয়ে ছয়গাঁও থানাত এজাহাৰ দাখিল কৰে৷

উল্লেখযোগ্য যে প্ৰেমসূত্ৰে জুবুললৈ পলাই গৈছিল মৰমী দাস, পাছত ২০১৭ চনৰ ফ্ৰেব্ৰুৱাৰী মাহত দুয়োৰো আনুষ্ঠানিকভাৱে বিবাহ সম্পন্ন হৈছিল আৰু ইয়াৰ পাছতে জুবুলে যৌতুক বিচাৰি মৰমীৰ ওপৰত আৰম্ভ কৰিছিল অত্যাচাৰ ৷ আনকি মৰমীৰ গৰ্ভত থকা চাৰি মহীয়া ভ্ৰণও নষ্ট কৰাইছিল স্বামী জুবুলে ৷ ইতিমধ্যে পাষাণ স্বামী জুবুল দাসক মৰমীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ তাৰ পাছতে আজি মৰমী দাসৰ শহুৰ আৰু শাহুৱেকক গ্ৰেপ্তাৰ কৰাৰ দাবীত আমত’লা সত্ৰৰ কেইবাটাও সংগঠনৰ সহযোগত শতাধিক মহিলাই প্ৰতিবাদ সাব্যস্ত কৰি ছয়গাঁও চক্ৰ বিষয়াৰ হাতত এখন স্মাৰকপত্ৰ প্ৰদান কৰে ৷

বোৱাৰী নিৰ্যাতন: ছয়গাঁৱত মহিলাৰ উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details