ছয়গাঁও,২২ মে' : কামৰূপ জিলাৰ অসম মেঘালয় সীমান্তৱৰ্তী উকিয়াম অঞ্চলত এই সকল মহিলাই কৃষি কৰ্মৰে দেখুৱাইছে স্বাৱলম্বিতাৰ অনন্য নিদৰ্শন ।
একাংশ ব্যতিক্ৰমী মহিলা আৰু এখন বিশেষ আঁচনি - UKIAM
এই আঁচনিয়ে সাঙুৰি লৈছে ২৪ খন গাঁৱৰ ১৫০০ গৰাকী মহিলাক । ইতিমধ্যে শ শ মহিলাই এই বিশেষ আঁচনিৰ প্ৰচেষ্টাৰে আৰম্ভ কৰি দিছে কৃষি বিপ্লৱ ।
![একাংশ ব্যতিক্ৰমী মহিলা আৰু এখন বিশেষ আঁচনি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3350275-931-3350275-1558534891060.jpg)
তেঁওলোকৰ হাতত প্ৰাণ পাই উঠিছে বিভিন্ন প্ৰজাতিৰ কৃষি ।ছয়গাঁৱৰ এই ভিতৰুৱা জনজাতীয় এলেকাৰ মহিলা সকলক মূলতঃ এই কৃষি কৰ্মৰ বাবে অনুপ্ৰেৰণা যোগাইছে ছয়গাঁৱৰ গ্ৰামীণ চাহাৰা নামৰ প্ৰতিষ্ঠানটোৱে ৷ ইণ্ডিগ’ এয়াৰলাইনচ্ নামৰ প্ৰতিষ্ঠানটোৰ এটি প্ৰকল্পৰ অধীনত তথা গ্ৰামীণ চাহাৰা নামৰ প্ৰতিষ্ঠানটোৰ সহযোগত মহিলা সকলৰ উন্নতিৰ বাবে আৰম্ভ কৰা এই প্ৰকল্পটোত প্ৰধানতঃ হালধি, জালুক,আদা আৰু ভোট জলকীয়াক মূল শস্য হিচাপে লৈ ,নাৰ্চাৰীৰ জৰিয়তে আৰু বিভিন্ন শস্য তথা সামগ্ৰী উৎপাদনৰ লক্ষ্য লোৱা হৈছে ৷
ইতিমধ্যে প্ৰায় ১০ টা মহিলা গোটে আদা,জালুক,হালধি আৰু ভোটজলকীয়া উৎপাদন কৰাৰ লগতে নাৰ্চাৰীৰ যোগেৰে তামোল,নেমুটেঙাৰ পুলিৰ লগতে বিভিন্ন ফল মূলৰ পুলি উৎপাদন কৰিছে ৷ আনহাতে ইণ্ডিগ’ৰ আঁচনিৰ অধীনত কেচুসাৰ উৎপাদন কৰাৰ লগতে কৃষিকৰ্মত ব্যৱহাৰ কৰাৰ বাবে ক্ষুদ্ৰ পানীযোগান আঁচনিৰো ব্যৱস্থা কৰি দিছে ৷