অসম

assam

ETV Bharat / state

ছয়গাঁৱত পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ - KAMRUP

ছয়গাঁৱৰ গোৱৰ্ধনস্থিত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা গণকপাৰা হৈ জামুগুৰিলৈ নিৰ্মাণ কৰি থকা সুদীৰ্ঘ গড়কাপ্তানি পথটো নিৰ্মাণ কাৰ্যত ব্যাপক দুৰ্নীতি আৰু অনিয়ম হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ ঠিকাদাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে শনিবাৰে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত ৰাইজৰ ৷

ছয়গাঁৱত পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি

By

Published : May 18, 2019, 10:24 PM IST

ছয়গাঁও, 18 মে’:পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কামৰূপ জিলাৰ ছয়গাঁৱত ৷ কামৰূপ জিলাৰ ছয়গাঁৱৰ গোৱৰ্ধনস্থিত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা গণকপাৰা হৈ জামুগুৰিলৈ নিৰ্মাণ কৰি থকা সুদীৰ্ঘ গড়কাপ্তানি পথটোৰ নিৰ্মাণত ব্যাপক দুৰ্নীতি আৰু অনিয়ম হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ শনিবাৰে ৰাজপথলৈ ওলাই আহি ঠিকাদাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে ভুক্তভোগী জনতাই ৷

ছয়গাঁৱত পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি

ঠিকাদাৰৰ মইমতালিৰে ৰাস্তা নিৰ্মাণ কৰা নচলিব, ৰাস্তা নিৰ্মাণত দুৰ্নীতি অনিয়ম সহ্য কৰা নহ’ব আদি বিভিন্ন শ্লগান দি ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ৷ উল্লেখ্য যে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত প্ৰায় ১৯ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি থকা পথটোৰ নিৰ্মাণ কাৰ্যৰ পৰাই ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে দুৰ্নীতি অনিয়মক আশ্ৰয় লৈছে যাৰ ফলত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নৌহোৱাতেই পথটোৰ ঠায়ে ঠায়ে ফাট মেলাৰ লগতে চপৰা চপৰে খহি গৈছে পকী কৰা পথটো ৷

আনহাতে দলঙৰ দুইমূৰে মাটি দি ভালদৰে সঠিকভাৱে ৰোলাৰ নমৰাত পথটো ঠায়ে ঠায়ে তথা দলঙৰ দুই ফালে বহি গৈছে ৷ অভিযোগ মতে পথটো নিৰ্মাণৰ সময়ত ব্যৱহাৰ কৰা প্ৰায়বোৰ শিল পাহাৰীয়া শিলৰ পৰিৱৰ্তে নদীৰ শিল ব্যৱহাৰ কৰা হৈছে ৷ চেণ্ডগ্ৰেভেল, মাটি আৰু বালি পেলাই যিদৰে ৰোলাৰ মাৰি পকী কৰিব লাগিছিল যদিও সামান্য পৰিমাণে ৰোলাৰ মাৰিয়ে দায়িত্ব সামৰি পথটো পকীকৰণ কৰা হৈছে বুলি অভিযোগ উত্থাপন হৈছে ৷

ইপিনে স্থানীয় লোকে অনিয়ম তথা দুৰ্নীতি সন্দৰ্ভত ছয়গাঁও ৰাজহ চক্ৰ বিষয়াক লিখিতভাৱে জনাইছিল যদিও চক্ৰ বিষয়া গৰাকীয়ে এই ক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ কৰা নাই বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে ৷ নৱ নিৰ্মিত পথটোৰ নষ্ট হোৱা সকলোখিনি পথ নতুনকৈ নিৰ্মাণ কৰাৰ লগতে বাকিখিনি কাম ভালদৰে কৰিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে ৷ অন্যথা শৰাইঘাট ইঞ্জিনীয়াৰ্চ নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি স্থানীয় ৰাইজে সকীয়াই দিছে ৷

ABOUT THE AUTHOR

...view details