অসম

assam

ETV Bharat / state

নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম কলহী নৈৰ ৫১ লাখ টকীয়া আঁচনি - কলহী নৈ

ছয়গাঁৱৰ পটৰীখাটত কলহী নৈৰ খহনীয়া প্ৰতিৰোধ আঁচনিৰ নামত ঠিকাদাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ বৰষুণৰ পানীতেই নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম ৫১ লাখটকীয়া আঁচনিৰ কাম

নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম কলহী নৈৰ ৫১ লাখ টকীয়া আঁচনি

By

Published : May 19, 2019, 2:58 PM IST

ছয়গাঁও ১৯ মে’ :কামৰূপৰ ছয়গাঁৱৰ পটৰীখাটত কলহী নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ নামত বিভাগীয় ঠিকাদাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ৷ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ সময়তে এজাক বৰষুণতে তললৈ বহি গ'ল খহনীয়া প্ৰতিৰোধৰ বাবে নিৰ্মাণ কৰা ব’ল্ডাৰ পিটচিং সমূহ ৷ উল্লেখযোগ্য যে, গৰাখহনীয়া প্ৰতিৰোধৰ বাবে গড়কাপ্তানি বিভাগৰ পৰা ৫১ লাখ টকাৰ এক আঁচনি লৈ বিভাগীয় ঠিকাদাৰে আৰম্ভ কৰিছিল কাম ৷

নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম কলহী নৈৰ ৫১ লাখ টকীয়া আঁচনি

ব’ল্ডাৰ পিটচিং কৰাৰ আগতে নৈত পেলোৱা হৈছিল ব’ল্ডাৰৰ কেজ ৷ কিন্তু স্থানীয় ৰাইজৰ অভিযোগ পৰ্যাপ্ত পৰিমাণে কেজ পেলোৱা নাই কলহী নৈৰ পাৰত ৷ তাৰোপৰি ব’ল্ডাৰ পিটচিং কৰাৰ সময়ত এঢলীয়া মাটিবোৰ ভালকৈ বহি নোযোৱাত এজাক বৰষুণতেই তললৈ বহি গৈছে মাটি তথা ব’ল্ডাৰ পিটচিং৷ বিগত বহু বছৰ ধৰি পটৰীখাট এলেকাত কলহীৰ গৰাখহীয়াৰ ফলত জীয়াতু ভূগি অহা ৰাইজে গৰাখহনীয়া প্ৰতিৰোধ আঁচনিখনৰ কাম শীঘ্ৰে সমাধানৰ দাবী তুলিছে ৷

ABOUT THE AUTHOR

...view details