ছয়গাঁও,১৭ মে': কামৰূপৰ ছয়গাঁৱৰ ১৭ নং ঘাইপথৰ দক্ষিণ ফালেৰে বৈ যোৱা এসময়ৰ খৰস্ৰোতা নৈ তথা বৰ্তমান মৰা কলহী নৈ হিচাপে পৰিচিত নৈখনত একাংশ লোকে বেদখল কৰাত উদ্বিগ্ন হৈ পৰিছে অঞ্চলটোৰ সচেতন ৰাইজ ৷ নৈখনৰ দক্ষিণ দিশে একাংশ লোকে বেদখল কৰি সুউচ্চ অট্টালিকা পৰ্যন্ত নিৰ্মাণ কৰিছে ৷ শেহতীয়াকৈ খাৰাভাংগাত এটি কোম্পানীয়ে পথ বনোৱাৰ নামত পথৰ লগতে নৈখনত বেদখল কৰি দেৱাল পৰ্যন্ত দিছে ৷ অৱশ্যে এই বিষয়ে জানিব পাৰি ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাই ছয়গাঁও চক্ৰ বিষয়াক এখন স্মাৰক পত্ৰ প্ৰদান কৰে।
কামৰূপৰ কলহী নৈত বেদখল,সৰৱ ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থা
কামৰূপ ছয়গাঁৱৰ কলহী নৈ তথা বৰ্তমান মৰাকলহীত একাংশ লোকৰ বেদখলত উদ্বিগ্ন হৈ পৰিছে ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থা ৷ অতিশীঘ্ৰে চক্ৰবিষয়াক ব্যৱস্থা গ্ৰহণৰ দাবী ৷
কামৰূপৰ কলহী নৈত বেদখল,সৰৱ ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থা
চক্ৰ বিষয়াই তাৎক্ষণিকভাৱে কোম্পানীটোৰ দেৱাল কাৰ্য বন্ধ কৰি দিয়ে ৷ ইয়াৰ বিপৰীতে যি কেইটা পৰিয়ালে নৈখন বেদখল কৰি দেৱাল নিৰ্মাণ কৰিছে তেওঁলোকৰ বিৰুদ্ধে চক্ৰ বিষয়াই এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷