আলহী খাবলৈ আহি এজনৰ মৃত্যু
গুৱাহাটীৰ কামাখ্যাত ভাড়াতীয়া হিচাপে থকা জীৱন ছেত্ৰী নামৰ প্ৰায় 45 বছৰীয়া লোকজনে সোমবাৰে মথুৰাপুৰীৰ মামা শহুৰেকৰ ঘৰলৈ নিজৰ পত্নী আৰু সৰু পুত্ৰসহ আলহী খাবলৈ আহি আলহীৰ ঘৰৰ সন্মুখত থকা পথাৰত মাছ মাৰিবলৈ যাওঁতেই দুৰ্ভাগ্যবশত দ খাৱৈত পৰি মৃত্যু হয়
ছয়গাঁও,16 জুলাইঃ ছয়গাঁৱৰ মথুৰাপুৰীত এক শোকাৱহ ঘটনা সংঘটিত হৈছে । আলহীৰ ঘৰলৈ আহি মাছ মাৰিবলৈ গৈ কৰুণ মৃত্যুক সাৱতি ল’লে জীৱন ছেত্ৰী নামৰ এজন লোকে ৷ ঘটনা অনুসৰি,গুৱাহাটীৰ কামাখ্যাত ভাড়াতীয়া হিচাপে থকা জীৱন ছেত্ৰী নামৰ প্ৰায় 45 বছৰীয়া লোকজনে সোমবাৰে মথুৰাপুৰীৰ মামা শহুৰেকৰ ঘৰলৈ নিজৰ পত্নী আৰু সৰু পুত্ৰ সহ আলহী খাবলৈ আহিছিল। তাৰ পাছতেই লোকজনে আলহীৰ ঘৰৰ সন্মুখত থকা পথাৰত মাছ মাৰিবলৈ যায় আৰু কিছু সময় মাছ মৰাৰ পাছত ঘৰৰ সন্মুখৰ দ খাৱৈটোৱেদি আহিবলৈ লওঁতেই দুৰ্ভাগ্যবশত খাৱৈটোত সোমাই যা । লগে লগে সাঁতুৰিব নজনা জীৱন ছেত্ৰী পানীত ডুব গৈ মৃত্যু হয়। পাছত এজন স্থানীয় লোকে কলৰ ভূৰেৰে লোকজনক পানীত বিচাৰি বিচাৰি বহু সময়ৰ পাছত লোকজনৰ মৃতদেহ পানীৰ তলৰ পৰা উদ্ধাৰ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ লোক উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো ছয়গাঁও থানালৈ আনে ।