ছয়গাঁও,৩০ জুলাইঃ ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত ছয়গাঁও-গৰৈমাৰী পথ আৰু ছয়গাঁও উকিয়াম পথ দুটা চোৰাং গৰু চালানৰ কৰিডৰত পৰিণত হোৱাৰ দাবী স্থানীয় ৰাইজৰ ৷ কেৱল চোৰাং গৰু সৰবৰাহেই নহয় বিভিন্ন চোৰাং সামগ্ৰী সৰবৰাহৰ বাবেও বিখ্যাত হৈ পৰিছে ছয়গাঁৱৰ ৰাষ্ট্ৰীয় ঘাই পথ সংলগ্ন এই মূল পথ দুটা ৷ প্ৰাপ্ত তথ্য অনুসৰি এই দুটা পথেৰে সপ্তাহৰ প্ৰতিটো মঙলবাৰ আৰু প্ৰতিটো শুকুৰবাৰে সৰবৰাহ কৰা হয় চোৰাং গৰু ৷ ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা ট্ৰাক বা চাৰিচকীয়া বাহনেৰে চোৰাং গৰুবোৰ আনি ছয়গাঁও গুমি পথেৰে গৰৈমাৰীলৈ যায় ৷ চোৰাং গৰুবোৰৰ একাংশ গৰৈমাৰীৰ বিভিন্ন ঠাইলৈ লৈ যোৱাৰ লগতে একাংশ গৰু চৰাঞ্চলৈ যায় ৷ বিশেষকৈ এই চোৰাং গৰুবোৰ গৰৈমাৰীৰ ব্ৰহ্মপুত্ৰ ঘাটৰ পৰা ভুটভুটি নাঁৱেৰে ছয়গাঁও আৰু বৰপেটাৰ বিভিন্ন চৰলৈ যায় ৷
গৰু চালানৰ কৰিডৰত পৰিণত গৰৈমাৰী-ছয়গাওঁ সংযোগী পথ - chaygaon
গৰৈমাৰীৰ ব্ৰহ্মপুত্ৰ ঘাটৰ পৰা ভুটভুটি নাঁৱেৰে ছয়গাঁও আৰু বৰপেটাৰ বিভিন্ন চৰলৈ যায় চোৰাং গৰু
একাংশ গৰু নদী পথেৰে অৰ্থাৎ ভুটভুটিৰে বাংলাদেশলৈ যায় বুলিও জানিব পৰা গৈছে ৷ এই ক্ষেত্ৰত গৰৈমাৰীৰ একাংশ চোৰাং বেপাৰী এই বৃহৎ গৰু চোৰ চক্ৰটোৰ লগত জড়িত আছে বুলিও জানিব পৰা গৈছে ৷ আনহাতে ছয়গাঁও ঔগুৰি পথেৰে যোৱা চোৰাং গৰুবোৰ উকিয়ামলৈ যায় আৰু উকিয়াম হৈ মেঘালয়লৈ চালান দিয়া হয় ৷ মেঘালয়লৈ লৈ যোৱা গৰু বোৰৰ একাংশ গৰু মেঘালয়ৰ লগতে একাংশ বাংলাদেশলৈ যায় ৷ এনেদৰে বছৰ বছৰ ধৰি ছয়গাঁৱৰ এই দুটা পথেৰে চোৰাং গৰুৰ সৰবৰাহ হৈ আছে যদিও এই ক্ষেত্ৰত আৰক্ষীয়ে এই চোৰাং গৰুৰ গাড়ীসমূহ আজিলৈ জব্দ কৰিবলৈ সক্ষম হোৱা নাই ৷
বিশেষকৈ ছয়গাঁও গুমি পথত নিশা সদায়ে আৰক্ষীৰ পহৰা থকাৰ পিচতো কেনেদৰে এইদৰে চোৰাং গৰু সৰবৰাহ হৈ আছে সেই লৈ ৰাইজ সন্দিহান হৈ পৰিছে ৷ নে নিশা ছয়গাঁও গুমি পথত পহৰাত থকা আৰক্ষীৰে গোপন বুজাবুজি কৰি এনেদৰে সপ্তাহত দুদিনকৈ চোৰাং গৰু সৰবৰাহ কৰি আছে ৷ এই ক্ষেত্ৰত আৰক্ষীৰ ভূমিকা সন্দেহজনক বুলি স্থানীয় লোকে মন্তব্য কৰিছে