অসম

assam

By

Published : Jun 12, 2019, 10:06 AM IST

ETV Bharat / state

ছয়গাঁও কাণ্ডঃ ডাঃ কমলা কলিতাৰ প্ৰতিক্ৰিয়া

আচলপাৰাৰ ঘটনাৰ আৰত স্থানীয় বিধায়ক ৰেকিবুদ্দিন আহমেদ জড়িত থকা বুলি বিস্ফোৰক অভিযোগ প্ৰাক্তন বিধায়ক গৰাকীৰ৷

ছয়গাঁৱৰ গৰৈমাৰীৰ আচলপাৰাৰ কাণ্ডক লৈ প্ৰাক্তন বিধায়ক ডাঃ কমলা কলিতাৰ প্ৰতিক্ৰিয়া

ছয়গাঁও ১২ জুন : ছয়গাঁও সমষ্টিৰ গৰৈমাৰীৰ আচলপাৰাৰ কাণ্ডক লৈ পলমকৈ হ'লেও মুখ খুলিলে ছয়গাঁও সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা খাদী আৰু গ্ৰামোদ্যোগ বিভাগৰ অধ্যক্ষ ডাঃ কমলা কলিতাই ৷ নিজ বাসভৱনত এখন সংবাদ মেলৰ আয়োজন কৰি উক্ত ঘটনাৰ আঁৰত বিধায়ক ৰেকিবুদ্দিন আহমেদ আৰু তেওঁৰ কিছু সমৰ্থকৰ পৰোক্ষ হাত থকা বুলি প্ৰাক্তন বিধায়ক গৰাকীয়ে বিস্ফোৰক অভিযোগ উত্থাপন কৰে৷

ছয়গাঁৱৰ গৰৈমাৰীৰ আচলপাৰাৰ কাণ্ডক লৈ প্ৰাক্তন বিধায়ক ডাঃ কমলা কলিতাৰ প্ৰতিক্ৰিয়া

আচলপাৰাত খেল পথাৰত নৃত্যানুষ্ঠানত আয়োজন কৰিবলৈ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ ঘনিষ্ঠ আব্দুৰ ৰেজ্জাকে অনুমতি দিয়া বুলি বিধায়কজনক ঘটনাৰ বাবে দোষাৰোপ কৰে প্ৰাক্তন বিধায়কজনে৷ ডাঃ কমলা কলিতাৰ কাৰ্যকালত গৰৈমাৰী অঞ্চলত এনেধৰণৰ বিজতৰীয়া সংস্কৃতিৰ বাহ লোৱা নাছিল বুলি উল্লেখ কৰি ৰেকিবুদ্দিন আহমেদ ছয়গাঁও সমষ্টিৰ বিধায়ক হোৱাৰ পিচৰে পৰা গৰৈমাৰী তথা সংখ্যালঘু প্ৰধান এলেকাত এনেধৰণৰ অপসংস্কৃতিয়ে বাহ লোৱা বুলিও তেওঁ অভিযোগ কৰে ৷ আচলপাৰাৰ ঘটনাত পুঠি খলিহনাক গ্ৰেপ্তাৰ কৰি ৰৌ বৰালীক সাৰি যাব দিয়া হৈছে বুলিও অভিযোগ উত্থাপন কৰে প্ৰাক্তন বিধায়কজনে৷

ABOUT THE AUTHOR

...view details