ছয়গাঁৱত অব্যাহত আছে কলহী নৈৰ গৰাখহনীয়া - গড়কাপ্তানি পৰিদৰ্শন বাংলা
ছয়গাঁৱৰ গড়কাপ্তানি পৰিদৰ্শন বাংলা এলেকাত অব্যাহত আছে কলহী নৈৰ গৰাখহনীয়া ৷ ইতিমধ্যে নৈৰ বুকুত জাহ গৈছে দুটাকৈ পৰিয়ালৰ ভেটি-মাটি ৷
ছয়গাঁও,১৭ জুলাইঃ ছয়গাঁৱৰ মাজমজিয়াত অৱস্থিত গড়কাপ্তানি পৰিদৰ্শন বাংলা এলেকাত অব্যাহত আছে কলহী নৈৰ গৰাখহনীয়া ৷ বিগত প্ৰায় ৬/৭ বছৰ ধৰি প্ৰায় ৫০০ মিটাৰ এলেকাত অব্যাহত থকা গৰাখহনীয়াৰ ফলত নৈৰ বুকুত জাহ যায় প্ৰায় ২০ ফুট ভূমি ৷ নৈৰ বুকুত জাহ যায় দুটা পৰিয়ালৰ ভেটি-মাটি ৷ অৱশ্যে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা দলংখনৰ ওচৰৰ পৰা দুবছৰ পূৰ্বে ১০০ মিটাৰ অংশ জিঅ' বেগ টেকনল’জিৰে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰা হয় যদিও বাকী অংশত এতিয়ালৈকে প্ৰতিৰোধৰ ব্যৱস্থা নকৰাত এতিয়াও সেই অঞ্চলত খহনীয়া অব্যাহত আছে ৷ আনহাতে উক্ত অঞ্চলত গৰাখহনীয়া অব্যাহত থকাৰ পিচতো ৰাজ্যৰ জলসম্পদ বিভাগে খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ নকৰা বুলি স্থানীয় লোকৰ অভিযোগ ৷