অসম

assam

ETV Bharat / state

ছয়গাঁৱত ৰাভা জনগোষ্ঠীৰ বায়খো উৎসৱ

ছয়গাঁৱৰ ৰিহাবাৰীত সোমবাৰে দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় কৃষিভিত্তিক বায়খো উৎসৱ ৷ সম্প্ৰতি ৰাভা জনগোষ্ঠীৰ বসতি প্ৰধান এলেকাত উদযাপিত হৈ আছে এই বায়খো উৎসৱ ৷

By

Published : Jun 11, 2019, 7:01 AM IST

ছয়গাঁৱত ৰাভা জনগোষ্ঠীৰ বায়খো উৎসৱ

ছয়গাঁও, ১০ জুন :ছয়গাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা আৰু বায়খো পূজা উদযাপন সমিতিৰ উদ্যোগত সোমবাৰে দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় ৰাভা জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ বায়খো উৎসৱ ৷ মূলত কৃষিকৰ্ম আৰম্ভ কৰাৰ আগমূহূৰ্তত পূজা পাতালৰে কৃষিকৰ্মত নিয়োজিত হৈ পৰাৰ পৰম্পৰা ৰক্ষাৰে পালন কৰা এই বায়খো উৎসৱ হৈছে ৰাভা জনগোষ্ঠীৰ অন্যতম কৃষিভিত্তিক উৎসৱ ৷

ছয়গাঁৱত ৰাভা জনগোষ্ঠীৰ বায়খো উৎসৱ

সোমবাৰে পুৱাৰ পৰা বিভিন্ন কাৰ্যসূচীৰ লগতে বায়খো উৎসৱ থলীত প্ৰদৰ্শন কৰা হয় বিভিন্ন জনগোষ্ঠীৰ নৃত্য গীত ৷ অনুষ্ঠিত কৰা বিভিন্ন পৰম্পৰাগত খেল ধেমালি ৷ উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে থাকে অসমৰ বিশিষ্ট অভিনেত্ৰী বৰষা ৰাণী বিষয়া ৷

উল্লেখযোগ্য যে ৰাভা হাছং এলেকাৰ ৰিহাবাৰীৰ বায়খো ভূমিত উদযাপন কৰি অহা এই বায়খো উৎসৱ এইবেলি ষষ্ঠ বছৰত ভৰি দিলে ৷ এই উৎসৱ চাবলৈ দূৰ দূৰণিৰ বহু লোক আহি ভিৰ কৰাটো পৰিলক্ষিত হয় ৷

ABOUT THE AUTHOR

...view details