অসম

assam

ETV Bharat / state

আনাৰস আৰু কঁঠালেৰে ভৰি পৰিছে বামুণীগাঁও বজাৰ - বামুণীগাঁও বজাৰ

দক্ষিণ কামৰূপত কঁঠাল আৰু আনাৰসৰ বাবে বিখ্যাত হৈ পৰা এখন বজাৰ হৈছে ছয়গাঁৱৰ বামুণীগাঁও বজাৰ ৷ অম্বুবাচী উপলক্ষে দেওবাৰে অধিক হাৰত ভৰি পৰে স্থানীয়ভাৱে উৎপাদিত আনাৰস আৰু কঁঠাল ৷

আনাৰস আৰু কঠালেৰে ভৰি পৰিছে বামুণীগাঁও বজাৰ

By

Published : Jun 23, 2019, 5:36 PM IST

ছয়গাঁও, 23 জুন : অম্বুবাচী উপলক্ষে বজাৰত ভিৰ কৰিছে ক্ৰেতা আৰু বিক্ৰেতাই ৷ দক্ষিণ কামৰূপৰ এখন সাপ্তাহিক আৰু অৰ্ধসাপ্তাহিক বজাৰ হৈছে ছয়গাঁৱৰ নিকটৱৰ্তী বামুণীগাঁও বজাৰ ৷ বৰ্তমান আনাৰস আৰু কঁঠালৰ বতৰৰ সময়ত উভৈনদী হৈ পৰিছে বামুণীগাঁও বজাৰ ৷ বিশেষকৈ দেওবাৰে অম্বুবাচীৰ বজাৰ উপলক্ষে বজাৰখনত ভৰি পৰিছে স্থানীয় আনাৰস আৰু কঁঠালে ৷

আনাৰস আৰু কঠালেৰে ভৰি পৰিছে বামুণীগাঁও বজাৰ

বজাৰখনত স্থানীয় একাংশ জনজাতীয় লোকৰ উপৰিও গাৰো খাচীয়া মামা মামী সকলৰ পৰা পাইকাৰী দামত কিনি লৈছে আনাৰস আৰু কঁঠাল ৷ উল্লেখযোগ্য যে, ছয়গাঁও সমষ্টিৰ জনজাতি প্ৰধান এলেকা বৃহত্তৰ শান্তিপুৰ অঞ্চলত উৎপাদিত আনাৰস আৰু কঁঠাল সমূহ বামুণীগাঁৱৰ দেওবৰীয়া আৰু বৃহস্পতিবৰীয়া বজাৰত বিক্ৰী হয় ৷

ABOUT THE AUTHOR

...view details