ৰঙিয়া,৩ নৱেম্বৰ :ৰঙিয়াত পুনৰ ভণ্ড প্ৰেমিকৰ জালত পৰিল এগৰাকী যুৱতী । ভণ্ড প্ৰেমিকে ভাইৰেল কৰিলে যুৱতীৰ নগ্ন ফটো আৰু ভিডিঅ' (Obscene photo of girlfriend goes viral)। সামাজিক মাধ্যমত সেই ফটো আৰু ভিডিঅ' ভাইৰেল হৈ পৰাৰ লগে লগে বিপদত পৰিছে যুৱতীগৰাকী । এই ঘটনাক লৈ ৰঙিয়াত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে । প্ৰেমিকা যুৱতীৰ অভিযোগৰ ভিত্তিত ইতিমধ্যে ৰঙিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ভণ্ড প্ৰেমিকজনক (Cheating boyfriend arrested in Rangia)।
উল্লেখ্য যে কামৰূপ জিলাৰ ৰঙিয়াৰ কণিহাত সংঘটিত হৈছে এই ঘটনা । জানিব পৰা মতে প্ৰথমে চকুৰ চিনাকি আৰু তাৰ পাছত লাহে লাহে দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল । মোবাইলত দুয়ো প্ৰায়ে প্ৰেমৰ কথা পাতিছিল । এনেদৰে দুয়োৰে সম্পৰ্ক বেছি গভীৰ হৈ গৈছিল ।
ইমানলৈ সকলো ঠিকে আছিল । কিন্তু সময়ৰ লগে লগে সকলোবোৰ সলনি হ'ল । ভুক্তভোগী যুৱতীৰ অভিযোগ মতে ফোনত মৰম চেনেহৰ কথা পতা ভণ্ড প্ৰেমিকে লাহে লাহে মানসিক নিৰ্যাতন চলাবলৈ আৰম্ভ কৰিলে । আনকি মাজে সময়ে যুৱকজনে ধন দাবীও কৰিছিল যুৱতীগৰাকীক ।