অসম

assam

ETV Bharat / state

দক্ষিণ কামৰূপৰ কুকুৰমাৰাৰ আমত’লা সত্ৰ গাঁৱত বোৱাৰী নিৰ্যাতনৰ ঘটনা - আমতলা সত্ৰ

যৌতুকৰ বাবেই এগৰাকী বোৱাৰীক স্বামীৰ লগতে পৰিয়ালৰ লোকে শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই স্বামী গৃহৰ পৰা উলিয়াই দিয়া ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে দক্ষিণ কামৰূপ কুকুৰমাৰাৰ আমত’লা সত্ৰ গাঁৱত ৷

দক্ষিণ কামৰূপৰ কুকুৰমাৰাৰ আমত’লা সত্ৰ গাঁৱত বোৱাৰী নিৰ্যাতনৰ ঘটনা

By

Published : Aug 19, 2019, 3:28 AM IST

ছয়গাঁও, 18 আগষ্টঃ সভ্য সমাজক লজ্জানত কৰা আন এক বোৱাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হ'ল দক্ষিণ কামৰূপৰ কুকুৰমাৰাৰ আমত’লা সত্ৰ গাঁৱত । নিজ বোৱাৰীয়েকক ধৰি বান্ধি লৈ প্ৰতিদিনে প্ৰহাৰ কৰাৰ পৰিণতিত স্বামী পৰিয়ালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে ছয়গাঁও আৰক্ষী থানাত ৷ কুকুৰমাৰাৰ আমতলা সত্ৰ গাঁৱৰ তথা বৰ্তমান মিলনপুৰ বাঢ়ন্তী গাঁৱৰ জুবুল দাস নামৰ লোকজনে নিজৰ পত্নীক প্ৰতিদিনে বান্ধি লৈ অমানৱীয়ভাৱে চলাই আহিছিল অত্যাচাৰ ৷ আনকি বেয়া চকুৰেও চোৱাৰ অভিযোগ শহুৰেক দিবাকৰ দাসৰ বিৰুদ্ধে ৷ শনিবাৰে নিশা চৰম সীমা পাৰ হৈ স্বামী বুবুল দাসে পৰিয়ালৰ আন সদস্যৰ সহযোগত নিজ পত্নীক নিৰ্যাতন চলাই পেলাই থৈ আহে পথাৰৰ মাজত ৷ কোনো মতে এগৰাকী বান্ধৱীলৈ ফোন কৰি অৱস্থাৰ কথা অৱগত কৰাত আন লোকে বোৱাৰী গৰাকীক মুমূৰ্ষ অৱস্থাত থৈ যায় পিতৃ গৃহত ৷ ইতিমধ্যে নিৰ্যাতিত বোৱাৰী গৰাকীৰ পিতৃয়ে ছয়গাঁও থানাত দাখিল কৰিলে এজাহাৰ ৷ দেওবাৰে পুৱা শতাধিক মহিলা উপস্থিত হৈ ভুক্তভোগী মহিলা গৰাকীৰ স্বাস্থ্যৰ বুজ লৈ এক প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰি কঠোৰ শাস্তিৰ দাবী তুলে জুবুল দাসৰ লগতে পৰিয়ালৰ লোকৰ বিৰুদ্ধে ৷

দক্ষিণ কামৰূপৰ কুকুৰমাৰাৰ আমত’লা সত্ৰ গাঁৱত বোৱাৰী নিৰ্যাতনৰ ঘটনা

ABOUT THE AUTHOR

...view details