ছয়গাঁও ২৫ আগষ্টঃ দক্ষিণ কামৰূপৰ কুকুৰমাৰাৰ সমীপৰ বৰতেজপুৰত উত্তেজনা ৷ ঘৰৰ ভিতৰত নিশাৰে পৰা লুকাই থকা চোৰ ৰূপী যুৱক ওলাই লুকাল পিতনিত | যুৱকজনক লৈ পুৱাৰে পৰা আহুকালৰ সন্মুখীন হয় বিজয়নগৰ আৰক্ষী ৷ দীৰ্ঘ সময়ৰ মূৰত উদ্ধাৰ কৰিলে যুৱকজনক । প্ৰায় এটা বেলাৰ অন্তত দুপৰীয়া আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীৰ লোকে পিতনিৰ পৰা উদ্ধাৰ কৰে যুৱকজনক। জানিব পৰা মতে, যুৱকজন গুৱাহাটী কৃষ্ণনগৰৰ পিংকু ৰাজবংশী।
কামৰূপত পিতনিত উদ্ধাৰ চোৰ ৰূপী প্ৰেমিক - kamrup
এজন যুৱক ৷ যুৱকজনক লৈ চলিল এক শ্বাসৰুদ্ধকাৰী দীঘলীয়া নাটক৷ নাটকখনক লৈ আমোদ পালে দক্ষিণ কামৰূপৰ একাংশ লোকে ৷
কামৰূপত চোৰ ৰূপী যুৱকক পিতনিৰ পৰা উদ্ধাৰ
যুৱকজন ৰাইজৰ দৃষ্টিত চোৰ| পিচে আচল ঘটনা বেলেগ ৷ বৰতেজপুৰৰ এজনী ছোৱালীৰ প্ৰেমত পৰি পিংকু নিশাই সোমাইছিল প্ৰেয়সীৰ ঘৰত| তাৰ পাচতেই যুৱকজন বিছনাৰ তলত সোমাই যদিও অৱশেষত ঘৰৰ পৰা ওলাই ৰাইজৰ ৰোষত পৰাৰ ভয়ত কাষতে থকা পিতনিতে দিলে জাপ | অৱশেষত এটা বেলাৰ অন্তত উদ্ধাৰ কৰিলে চোৰ ৰূপী প্ৰেমিকক |