ছয়গাঁও ২৫ ছেপ্টেম্বৰ : চৰকাৰে দুখীয়া লোকৰ বাবে আবণ্টন দিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আঁচনিৰ কাম কাজ সঠিকভাৱে চলি আছে নে নাই সেই সম্পৰ্কত বিভাগৰ মন্ত্ৰী তথা উচ্চ পদস্থ বিষয়াসকলে কিবা খবৰ ৰাখিছেনে? ৰাজ্যত এতিয়াও যে একাংশ বিষয়া কৰ্মচাৰীৰ বাবে একাংশ দুখীয়া লোকে তেওঁলোকৰ নামত আবণ্টিত ঘৰ বা ধন আদায় পোৱা নাই সেই বিষয়ে মাজে-সময়ে সংবাদ মাধ্যমত প্ৰকাশ পাই আহিছে ৷
ছয়গাঁৱত অদৃশ্য হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আবণ্টিত টকা ! - দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টি
দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত আমত’লা জিয়াকুৰ গাঁৱত সংঘটিত হয় এই ঘটনা ৷ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আঁচনিৰ টকা আবন্টনৰ নামত অনিয়ম ৷
শেহতীয়াকৈ তেনে এক ঘটনা পোহৰলৈ অহাত ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগটোত যে দুৰ্নীতি চলি আছে সেই কথা প্ৰমাণিত হৈছে ৷ জানিব পৰা মতে দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত আমত’লা জিয়াকুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ৩নং আমত’লা গাঁৱৰ মহাদেৱ দাসৰ নামত ২০১৬-১৭ বৰ্ষত এটি গৃহ আবণ্টন হৈছিল ৷ প্ৰথম কিস্তি ৩২০০০ টকা পোৱাৰ পিচত ঘৰৰ তলৰ গাঠনিৰ কাম সম্পূৰ্ণ কৰে ৷ দ্বিতীয় কিস্তি পোৱাৰ সময়ত হিতাধিকাৰীজনৰ মৃত্য হোৱাত তেওঁৰ ঠাইত তেওঁৰ পত্নী সব্যা দাসৰ নামত একাউণ্টটো সলনি কৰে ৷ বিভাগীয়ভাৱে ফটো বা জিওট্ৰেক কৰা হয় যদিও বহুদিনলৈ একাউণ্টত দ্বিতীয় কিস্তিৰ ধন নোসোমোৱাত মহিলা গৰাকীয়ে কাৰ্যালয়ৰ গ্ৰাম ৰোজগাৰ সহায়িকা গৰাকীৰ ওচৰলৈ যায় ৷ ৰীতা তালুকদাৰ নামৰ গ্ৰাম ৰোজগাৰ সহায়ক গৰাকীয়ে বিধৱা মহিলা গৰাকীক দ্বিতীয় কিস্তিৰ ধন সোমোৱাই দিব লাগিলে তিনি হাজাৰ টকা লাগিব বুলি কয় ৷ পিচত উপায়হীন মহিলা গৰাকীয়ে আনৰ পৰা আনি জি আৰ এ গৰাকীক তিনি হেজাৰ টকা আদায় দিয়ে ৷ ইয়াৰ পিচত এই কমল দাসেও বিধৱা মহিলাগৰাকীৰ পৰা কামখিনি কৰি দিয়াৰ বাবদ দুহেজাৰ টকা বিচাৰে ৷ মহিলা গৰাকীয়ে পুনৰ দুহেজাৰ টকা আদায় দিবলৈ অপৰাগতা প্ৰকাশ কৰে ৷ ইয়াৰ পিচত মহিলা গৰাকীয়ে পঞ্চায়ত কাৰ্যালয়,খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ উপৰি জিলা পৰিষদৰ কাৰ্যালয় তথা প্ৰকল্প সঞ্চালকৰ কাৰ্যালয়লৈ বহুবাৰ তাঁত বাতি কাটিও একো সুফল নাপালে ৷
বিগত তিনিবছৰে অতি দুখীয়া মহিলা গৰাকীয়ে এনেদৰে কাৰ্যালয়ে কাৰ্যালয়ে ঘূৰি ঘূৰি ভাগৰুৱা হৈ পৰিছে ৷ বুধবাৰে বিধৱা মহিলা গৰাকীয়ে এই সমস্ত ঘটনাৰ বিষয়ে সাংবাদিকৰ আগত কান্দি কান্দি বিৱৰি কয় ৷ ইফালে গ্ৰাম ৰোজগাৰ সহায়ক গৰাকীক সাংবাদিকে এই সন্দৰ্ভত সোধাত তেওঁ বিভাগীয়ভাৱে মহিলাগৰাকীৰ নামত দ্বিতীয় কিস্তিৰ ধন আদায় দিয়া বুলি কয় যদিও ধনখিনি মহিলা গৰাকীৰ একাউণ্টত সোমোৱা নাই বুলি কয় ৷ আনহাতে মহিলা গৰাকীৰ পৰা তিনি হেজাৰ টকা লোৱা বুলি অভিযোগক গ্ৰাম ৰোজগাৰ সহায়ক ৰীতা তালুকদাৰে অস্বীকাৰ কৰে ৷ বিভাগীয় ফাইলত মহিলা গৰাকীৰ নামত ধন আদায় দিয়া দেখুওৱা হৈছে ৷ এতিয়া অসহায় হৈ পৰিছে বিধৱা মহিলা গৰাকী ৷ বৰষুণ আহিলে ঘৰত থাকিব নোৱাৰা বেৰবোৰো ভাঙি যোৱা অৱস্থাত দিন কটোৱা মহিলা গৰাকীয়ে এতিয়া চকুৰ পানীৰে বাট নেদেখা অৱস্থাৰ সৃষ্টি হৈছে ৷ তিনিবছৰে প্ৰাপ্য ধন বিচাৰি হাহাকাৰ কৰি ফুৰা বিধৱা দুখীয়া মহিলা গৰাকীৰ সহায়ৰ বাবে পঞ্চায়ত বিভাগ তথা ৰাজ্য চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে,সেয়া লক্ষণীয় হ'ব ৷