ছয়গাঁও,21 জুলাই: বানপানীৰ পিচত হ'ব পৰা যিকোনো বেমাৰৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্য আগত ৰাখি ছয়গাঁৱৰ নাগৰিক সমাজৰ উদ্যোগত শনিবাৰে ছয়গাঁৱৰ বাংকাকাটা জয়নাৰায়ণ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হয় এটি বিনামূলীয়া চিকিৎসা শিবিৰ ৷
ছয়গাওঁ নাগৰিক সমাজৰ উদ্যোগত বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন - ETV BHARAT
ছয়গাঁও নাগৰিক সমাজৰ উদ্যোগত বানৰ পিচত ছয়গাঁৱৰ এক ভিতৰুৱা অঞ্চলত অনুষ্ঠিত কৰা হয় এটি বিনামূলীয়া চিকিৎসা শিবিৰ ৷
ইণ্ডিয়া ৰেডক্ৰছ ছোচাইটিৰ সহযোগত অনুষ্ঠিত চিকিৎসা শিবিৰটোত ৰেডক্ৰছৰ অধীক্ষকসহ তিনিজন চিকিৎসক,৫ গৰাকী নাৰ্ছ,টেকনিচিয়ানকে ধৰি এটি চিকিৎসক তথা কৰ্মচাৰীৰ দলে বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিভিন্ন ৰোগৰ চিকিৎসা সাহায্য তথা পৰামৰ্শ আগবঢ়ায় ৷ স্বাস্থ্য শিবিৰটোত দিনটোত তিনিশৰো অধিক লোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰা হয় ৷
এই শিবিৰত ৰেডক্ৰছ ছোচাইটিয়ে ৰোগী সকলক বিনামূলীয়াকৈ ঔষধ যোগান ধৰাৰ লগতে নাগৰিক সমাজৰ তৰফৰ পৰাও বিনামূলীয়া ঔষধ যোগান ধৰা হয় ৷ উল্লেখযোগ্য যে ছয়গাঁৱৰ জ্যেষ্ঠ নাগৰিকৰ এই সামাজিক অনুষ্ঠানটোৱে প্ৰতি বছৰে এনেদৰে ছয়গাঁৱত গৰমৰ বন্ধ তথা বানপানীৰ সময়ত বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰি আহিছে৷