অসম

assam

ETV Bharat / state

ছয়গাঁও কাণ্ড : প্ৰাক্তন বিধায়ক কমলা কলিতাক উভতি ধৰিলে আব্দুৰ ৰেজ্জাকে - আব্দুৰ ৰেজ্জাক

ডা: কমলা কলিতাই কৰা অভিযোগক নস্যাৎ কৰি এই অভিযোগৰ সত্যতা প্ৰমাণ কৰিবলৈ আহ্বান আব্দুৰ ৰেজ্জাকৰ ৷ ঘটনাত জড়িত থকাৰ প্ৰমাণ দিব পাৰিলে ৰাজনীতিৰ লগতে সামাজিক জীৱনো ত্যাগ কৰাৰ হুংকাৰ ৰেজ্জাকৰ ৷

কমলা কলিতাক উভতি ধৰিলে আব্দুৰ ৰেজ্জাকে

By

Published : Jun 12, 2019, 6:38 PM IST

Updated : Jun 12, 2019, 6:44 PM IST

ছয়গাঁও,12 জুন: ছয়গাঁও সমষ্টিৰ গৰৈমাৰীৰ আচলপাৰাৰ কাণ্ডত আচলপাৰা গাঁও পঞ্চায়তৰ সভাপতি আব্দুৰ ৰেজ্জাকৰ লগতে সমষ্টিটোৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ জড়িত থকা বুলি সমষ্টিটোৰ প্ৰাক্তন বিধায়ক ডা: কমলা কলিতাই কৰা মন্তব্যক উভতি ধৰিলে আব্দুৰ ৰেজ্জাকে ৷ ডা: কমলা কলিতাই কৰা অভিযোগক নস্যাৎ কৰি এই অভিযোগৰ সত্যতা প্ৰমাণ কৰিবলৈ আহ্বান ৰেজ্জাকৰ ৷ লগতে উক্ত দিনাৰ ঘটনাৰ সৈতে জড়িত থকাৰ প্ৰমাণ দিব পাৰিলে ৰাজনীতিৰ লগতে সামাজিক জীৱনো ত্যাগ কৰিব বুলি মন্তব্য কৰে ৰেজ্জাকে ৷ কমলা কলিতাৰ এই অভিযোগ একেবাৰে মিছা তথা মনেসজা বুলিও উল্লেখ কৰি অগপৰ যুৱ পৰিষদৰ আচলপাৰা পঞ্চায়তৰ সম্পাদক আতিকুৰ ইছলাম গ্ৰেপ্তাৰ হোৱাৰ বাবেই প্ৰাক্তন বিধায়কগৰাকীয়ে এনেদৰে মিছাৰ আশ্ৰয় লৈছে বুলি কয় ৰেজ্জাকে ৷

কমলা কলিতাক উভতি ধৰিলে আব্দুৰ ৰেজ্জাকে


আনহাতে আচলপাৰাৰ লোকসকল বাংলাদেশী মূলৰ বুলি অভিহিত কৰা কাৰ্যকো সমালোচনা কৰি, ইমান বছৰে সমষ্টিটোত ৰাজনীতি কৰি তথা মন্ত্ৰী বিধায়ক হোৱাৰ পাচতো তেওঁ সেই সময়ত তাত বাংলাদেশী দেখা নাছিল বুলিও প্ৰশ্ন কৰে কমলা কলিতাক প্ৰশ্ন কৰে ৰেজ্জাকে ৷

Last Updated : Jun 12, 2019, 6:44 PM IST

ABOUT THE AUTHOR

...view details