বকো,18 ফেব্ৰুৱাৰীঃ ৰাজ্যৰ সমাগত বিধানসভাৰ নিৰ্বাচনত কামৰূপ জিলাৰ অনুসূচিত জাতিৰ বাবে সংৰক্ষিত ৪৮ নং বকো বিধানসভা সমষ্টিখন পুনৰাই কংগ্ৰেছৰ দখললৈ অনাৰ লক্ষ্যৰে কঁকালত টঙালি বান্ধিছে বকোৰ কংগ্ৰেছ মহলে ৷ সেই লক্ষ্যত উপনীত হোৱাৰ বাবে বকোৰ সোণতলীত বৃহস্পতিবাৰে অনুষ্ঠিত হয় কংগ্ৰেছ দলৰ এখনি বিশাল “বুথ সংকল্প শিবিৰ"। সমষ্টিৰ তৃণমূল পৰ্যায়ত কংগ্ৰেছৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে বকো আৰু ছমৰীয়া ব্লক কংগ্ৰেছৰ যুটীয়া উদ্যোগত সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যলয় খেলপথাৰত অনুষ্ঠিত হয় কংগ্ৰেছৰ "মোৰ বুথ, মোৰ গৌৰৱ" আমাৰ ঐক্য, আমাৰ শক্তি" শ্লোগানৰ এই বিশাল “বুথ সংকল্প শিবিৰ”।
এই বুথ সংকল্প শিবিৰত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰি বৃটিছৰ লগত হাত মিলাই ভাৰত বিৰোধী স্থিতি গ্ৰহণ কৰা বিজেপি দলে এতিয়া ধৰ্মৰ নামত ৰাজনীতি কৰি দেশৰ ধৰ্মনিৰপেক্ষতাৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে বুলি মন্তব্য কৰে ৷ ৰাইজক দিয়া প্ৰতিশ্ৰুতি পূৰণত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বিজেপি চৰকাৰে নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ পৰ্বতসম মূল্যবৃদ্ধিৰে ৰাজ্যবাসীক কোঙা কৰি পেলোৱা আৰু চৰকাৰী সম্পদ একফালৰ বিক্ৰী কৰা ৰাজ্যৰ মিত্ৰজোঁটৰ বিজেপি নেতৃত্বাধীন ভ্ৰষ্টাচাৰী চৰকাৰৰ অপশাসনক ওফৰাই এখন বিজেপিমুক্ত চৰকাৰ গঠনৰ বাবে সকলোকে সংকল্প ল'বলৈ আহ্বান ভূপেশ বাঘেলৰ ৷