গুৱাহাটী, ২৭ জুন : গুৱাহাটীৰ ৰেডিশ্বন ব্লুত (Radisson Blue Guwahati) মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকলে বাহৰ পাতি থকাৰ সময়তে মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকলক (Maharashtra rebel MLAs) কঢ়িওৱা এখন চাৰ্টাৰ্ড বিমানৰ (Chartared Flight) পাইলটে দেওবাৰে মাজনিশা গুৱাহাটীৰ বাৰত উদ্ভণ্ডালি কৰাৰ অভিযোগ উত্থাপিত হৈছে । চাৰ্টাৰ্ডখনৰ উক্ত পাইলটজনৰ নাম ঋষভ গৰ্গ বুলি জানিব পৰা গৈছে । উল্লেখ্য যে মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকলক কঢ়িওৱা এখন চাৰ্টাৰ্ড বিমান গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত (Barjhar Airport) ৰখাই থোৱা আছে ।
চাৰ্টাৰ্ডখনৰ পাইলট ঋষভ গৰ্গে দেওবাৰে মাজনিশা গুৱাহাটীৰ বাৰত সুৰাপান কৰাৰ বাবে যায় । নিশা 12 বজা বাবে বাৰ কৰ্তৃপক্ষই বাৰখন বন্ধ কৰিছিল । যাৰ বাবে চাৰ্টাৰ্ডখনৰ পাইলট ঋষভ গৰ্গ আৰু বাৰ কৰ্তৃপক্ষৰ মাজত তৰ্কাতৰ্কি লাগে । তাৰ পিছত তৰ্কাতৰ্কিৰ পৰা গৈ কাজিয়াৰ সৃষ্টি হয় । পিছত ঘটনাস্থলীত দিছপুৰ আৰক্ষী (Dispur Police Station) আহি উপস্থিত হৈ দুয়োপক্ষকে সোধপোছাৰ বাবে দিছপুৰ থানালৈ লৈ যায় । আনহাতে, চাৰ্টাৰ্ডখনৰ পাইলট ঋষভ গৰ্গে থানাত আৰক্ষীৰ লগতো অসভ্য আচৰণ কৰাৰ অভিযোগ উঠিছে । এই সংক্ৰান্তত দিছপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই জনায় যে ঘটনা সন্দৰ্ভত কাকো আটক বা গ্ৰেপ্তাৰ কৰা হোৱা নাই । সোধপোছাৰ পিছত দুয়ো পক্ষকে যাবলৈ দিয়া হয় বুলি দিছপুৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই জানিবলৈ দিয়ে ।