অসম

assam

অগপৰ সাধাৰণ সভাত উত্তজেনা: তৃণমূল কৰ্মীৰ ৰোষত পৰি বিধায়ক সত্যব্ৰত কলিতাৰ পলায়ন

By

Published : Dec 6, 2019, 8:16 PM IST

কেবক লৈ দলৰ সিদ্ধান্তৰ বিৰোধিতাৰে অগপ কৰ্মীৰ ক্ষোভৰ বহিঃ প্ৰকাশ ৷ নাগৰিকত্ব সংশোধী বিধেয়কৰ ওপৰত আলোচনা কৰিবলৈ গৈ অগপ কৰ্মীৰ কটু বাক্যৰ সন্মুখীন কমলপুৰৰ বিধায়ক সত্যব্ৰত কলিতাৰ লগতে দলৰ সাধাৰণ সম্পাদক কমলা কলিতা ৷ দুয়োগৰাকী নেতাৰ নিৰাপত্তাৰক্ষীৰে তৃণমূল কৰ্মীৰ হতাহতি ৷ ৰাইজৰ ক্ষোভ দুই নেতাৰ পলায়ন ৷

ৰঙিয়াত অগপৰ সাধাৰণ সভাত উত্তজেনা: তৃণমূল কৰ্মীৰ ৰোষত পৰি বিধায়ক সত্যব্ৰত কলিতাৰ পলায়ন
ৰঙিয়াত অগপৰ সাধাৰণ সভাত উত্তজেনা: তৃণমূল কৰ্মীৰ ৰোষত পৰি বিধায়ক সত্যব্ৰত কলিতাৰ পলায়ন

ৰঙিয়া, 6 ডিচেম্বৰ: শুকুৰবাৰে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল অগপৰ ৰঙিয়া বিধান পৰিষদৰ সাধাৰণ সভাত ৷ শুকুৰবাৰে সন্ধিয়া চহৰখনৰ হৰদত্ত-বীৰদত্ত ভৱনত অনুষ্ঠিত সভাখনত কেবক লৈ ক্ষোভৰ তীব্ৰ বহিঃপ্ৰকাশ ঘটিল অসম গণ পৰিষদৰ তৃণমূল কৰ্মীৰ ৷ ঘটনা অনুসৰি কেবক লৈ কৰ্মীসকলৰ সৈতে আলোচনা কৰিবলৈ ৰঙিয়াত উপস্থিত হৈছিল স্থানীয় কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাৰ লগতে দলটোৰ সাধাৰণ সম্পাদক কমলা কলিতা ৷

সভা চলি থকা মাজতে দুয়ো নেতাই কেব সন্দৰ্ভত কৰ্মীৰ সকলৰ মতামত জানিব বিচৰাত সভাত উপস্থিত অগপ কৰ্মীসকলে দুয়োগৰাকী নেতাক উদ্দেশ্যি, "আপোনালোকে জাতি বিক্ৰী কৰিছে", " আমাক কেব নালাগে", "বিজেপিৰ হৈ ৰাইজৰ আগত দালালি নকৰিব" ধ্বনিৰে সভাৰ পৰিস্থিতি উত্তাল কৰি তোলে ৷ ইয়াৰ পাছতে নেতা দুগৰাকীৰ নিৰাপত্তাৰক্ষীৰে হতাহতি পৰ্যন্ত হয় ক্ষোভিত তৃণমূল কৰ্মীসকল ৷ ইয়াৰ পাছতে পৰিস্থিতি বিষম দেখি সভা আধাতে সামৰি পলায়ন কৰিবলৈ বাধ্য হয় দুই অগপ নেতা ক্ৰমে কমলা কলিতা আৰু সত্যব্ৰত কলিতা ৷ সভাৰ পাছতে সাংবাদিকৰে হোৱা মুখা-মুখিত তৃণমূল কৰ্মীসকলে কয় যে, অগপৰ শীৰ্ষ নেতৃত্বই কেবক সমৰ্থন কৰি অসমীয়াৰ লগত বিশ্বাসঘাতকতা কৰিছে ই কোনো কাৰণতে সমৰ্থনযোগ্য নহয় ৷

আৰু পঢ়ক: কেবৰ বিৰোধিতাৰে অগপৰ কাৰ্যালয় ঘেৰাও কটনিয়ানৰ

ABOUT THE AUTHOR

...view details