কামৰূপ,12ছেপ্তেম্বৰঃ বাইহাটা চাৰিআলিৰ চাংসাৰিৰ এগৰাকী মাতৃৰ চকুত চকুপানী । পুত্ৰৰ কাৰণে দিনে নিশাই চকুপানী টুকিছে মাতৃ গৰাকীয়ে । সকলো দিশতে পাৰ্গত আছিল নৱম শ্ৰেণীত অধ্যয়নৰত পুত্ৰ জগদীশ দাস । "মা মই যাও" এইবুলি কৈ যোৱা ১৩ জুনতে ঘৰৰ পৰা আবেলি পৰত ওলাই গৈছিল জগদীশ । উল্লেখযোগ্য যে, পৰিয়ালৰ লোকেও গুৰুত্ব সহকাৰে লোৱা নাছিল জগদীশৰ বাক্যশাৰী । ইপিনে নিশালৈকে জগদীশ ঘৰলৈ ওভতি নহাত হে পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ আনহাতে আত্মীয় কুতুমৰ ঘৰলৈ গৈছে নেকি খবৰ কৰিও কোনো সম্ভেদ নোপোৱাত নিশাই চাংসাৰি আৰক্ষী থানাত নিৰুদ্দেশ সম্পৰ্কে অৱগত কৰে ।
বিগত তিনিমানে সন্ধানহীন নৱম শ্ৰেণীৰ ছাত্ৰ - সদাশয় লোকে সম্ভেদ পালে
বাইহাটা চাৰিআলিৰ চাংসাৰিৰ এগৰাকী মাতৃৰ চকুত চকুপানী । পুত্ৰৰ কাৰণে দিনে নিশাই চকুপানী টুকিছে মাতৃ গৰাকীয়ে ৷ কোনো সদাশয় লোকে সম্ভেদ পালে পৰিয়ালৰ লগত যোগাযোগ কৰিবলৈ আহ্বান ৷

বিগত তিনিমানে সন্ধানহীন নৱম শ্ৰেণীৰ ছাত্ৰ
বিগত তিনিমানে সন্ধানহীন নৱম শ্ৰেণীৰ ছাত্ৰ
সম্প্ৰতি ১৩ জুনৰ পৰা তিনিমাহ উকলি যোৱাৰ পিচতো সম্ভেদ নোলাল জগদীশৰ । জগদীশ পঢ়া শুনাৰ লগতে খেলাধুলাটো পাকৈত হোৱাৰ লগতে এন চি চিৰ কেডেট আছিল। পৰিয়ালটোৰ বিগত তিনিমাহে পেটলৈ ভাত নোযোৱা অৱস্থাৰ সৃষ্টি হৈছে । জগদীশ পৰিয়ালৰ লোকে জগদীশক দুষ্ট চক্ৰৰ কবলত পৰাৰ সন্দেহো প্ৰকাশ কৰিছে । উপায়ন্তৰ হৈ পৰিয়ালটোৱে যদি কোনো লোকে জগদীশৰ সম্ভেদ পায় চাংসাৰি আৰক্ষী থানাৰ লগত যোগাযোগ কৰাৰ লগতে ৬০০৩১৬০০০৫ নম্বৰত যোগাযোগ কৰিবলৈ কৰাৰ আহ্বান জনাই ।
লগতে পঢ়কঃ সুধাকণ্ঠৰ বিশাল ছবি অংকনেৰে বিহপুৰীয়াৰ মিঠুৰাজৰ চমক