চাংসাৰি, ২৩ জানুৱাৰী: কামৰূপ(গ্ৰাম্য) জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ সহযোগত শনিবাৰে মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ উদ্যোগত চাংসাৰিত স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয় । এই স্বাস্থ্য শিবিৰত দুই শতাধিক বিশেষভাৱে সক্ষম লোকৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হয় । শনিবাৰে স্বাস্থ্য মন্ত্ৰী তথা জালুকবাৰী সমষ্টিৰ বিধায়ক হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ তৰফৰ পৰা অনুষ্ঠিত কৰা স্বাস্থ্য শিবিৰত বেজেৰা মণ্ডলৰ শৰাইঘাট আৰু ধোপাতাৰী যুৱ মৰ্চায়ো সহযোগিতা আগবঢ়ায় ।
বৃহত্তৰ অঞ্চলটোৰ দিব্যাংগ ব্যক্তিসকলক চিনাক্ত কৰি প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় । এই শিবিৰত শাৰিৰীক, মানসিক, চকু, কাণ, অস্থি ৰোগৰ চিকিৎসাও প্ৰদান কৰা হয় । মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালৰ প্ৰায় ৩০ গৰাকী চিকিৎসক তথা চিকিৎসা কৰ্মীয়ে চিকিৎসা সেৱা আগবঢ়ায় ।