বাইহাটা চাৰিআলি, 22 অক্টোবৰঃ বাইহাটা চাৰিআলিত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা ৷ পথৰ কাষত খোজ কাঢ়ি থকা মাতৃৰ কেলাৰ পৰা পৰি যোৱা সন্তানক মহতিয়াই নিয়ে তিব্ৰবেগী বাহনে ৷ উল্লেখ্য যে, চাংসাৰিৰ চৌকী গেটৰ চীলা সিন্দুৰীঘোপাটৰ চন্দ্ৰমা কলিতা নামৰ মহিলা গৰাকীয়ে নিজৰ ডেৰ বছৰীয়া শিশুটি কোচত লৈ ৰাষ্টাৰ কাষেৰে খোজ কাঢ়ি আহি আছিল ৷ সেই সময়তেই প্ৰতিযোগীতামূলক ভাবে চলাই অহা ট্ৰাক এখনে চন্দ্ৰমাক খুন্দিওৱাৰ ফলত কোচত থকা শিশুটি কোচৰ পৰা পৰি যায় আৰু মুহূৰ্ততে ট্ৰাক খনে মহতিয়াই থৈ যায় শিশুটোক ৷
তিব্ৰবেগী বাহনৰ খুন্দাত মৃত্যু ডেৰ বছৰীয়া শিশুৰ - baihata chariali road accident
চাংসাৰিৰ চৌকী গেটৰ চন্দ্ৰমা কলিতা নামৰ মহিলা গৰাকীয়ে নিজৰ ডেৰ বছৰীয়া শিশুটি কোলাত লৈ ৰাষ্টাৰ কাষেৰে খোজ কাঢ়ি থকাৰ সময়তে তীব্ৰবেগী ট্ৰাকে মহিলাগৰাকীক খুন্দিওৱাৰ ফলত কোলাত থকা শিশুটি পৰি যায় আৰু লগে লগে ট্ৰাকে মহতিয়াই নিয়ে শিশুটোক ৷
বাইহাটা চাৰিআলিত শোকাৱহ পথ দূৰ্ঘটনাত নিহত শিশু
উক্ত ঘটনাক কেন্দ্ৰ কৰি উত্তেজিত ৰাইজে অৱৰোধ কৰে পথ ৷ পৰৱৰ্তী সময়ত পৰিস্থিতি অধিক উত্তেজনাপূৰ্ণ হৈ পৰাত স্থানীয় প্ৰশাসনে অৰ্ধসামৰিক বাহিনী নিয়োগ কৰে ৷ ঘটনাস্থলীত দণ্ডাধীশ উপস্থিত হোৱাৰ পিচতহে উত্তেজনা শাম কাটে ৷