অসম

assam

ETV Bharat / state

উকিয়ামত কুলসী নদীৰ ওপৰত বান্ধ: গাৰো জাতীয় পৰিষদৰ প্ৰতিবাদী সভা - Assam government

উকিয়ামত ৰাইজক নালাগে নদী বান্ধ ৷

উকিয়ামত কুলসী নদীৰ ওপৰত বান্ধ: গাৰো জাতীয় পৰিষদৰ প্ৰতিবাদী সভা

By

Published : Oct 13, 2019, 12:16 AM IST

ছয়গাঁও, 12 অক্টোবৰ: ভাৰত চৰকাৰৰ 2007-12 চনৰ এঘাৰতম পঞ্চম পৰিকল্পনাৰ অধীনত কামৰূপ জিলাৰ ছয়গাঁৱৰ অসম মেঘালয় সীমান্তৱৰ্তী উকিয়াম অঞ্চলত কুলসী নদীৰ ওপৰত বিদুৎ উৎপাদন তথা খেতিপথাৰত পানী যোগান ধৰাৰ উদ্দেশ্যে নিৰ্মাণ হ'ব লগা নদীবান্ধৰ তীব্ৰ বিৰোধীতা কৰিছে অঞ্চলটোৰ ৰাইজে ৷ তথ্য অনুসৰি এই বান্ধটোৰ নামত 2007 চনতেই ১৪৫৪. ৯৫ কোটি টকা ধাৰ্য্য কৰা হৈছিল ৷ চলিত বৰ্ষৰ 26 এপ্ৰিলত বিষয়টোলৈ অসম তথা মেঘালয় ৰাজ্যৰ চৰকাৰী লোকসকলে উকিয়ামৰ বান্ধ নিৰ্মাণ হ'ব লগা অঞ্চল পৰিদৰ্শন কৰিছিল ৷ ইয়াৰ পাছৰে পৰা অঞ্চলটোত বিৰাজ কৰিছিল এক চেপা উত্তেজনাই ৷ বান্ধ নিৰ্মাণৰ কথাৰ বিষয়ে অৱগত হোৱাৰ পৰাই এতিয়া ভয়-শংকাৰ মাজত দিন অতিবাহিত কৰিবলগীয়া হৈছে সীমান্তৱৰ্তী উকিয়াম গাঁৱৰ অসম-মেঘালয়ৰ লোকসকলে ৷

উকিয়ামত কুলসী নদীৰ ওপৰত বান্ধ: গাৰো জাতীয় পৰিষদৰ প্ৰতিবাদী সভা

ইফালে উকিয়াম নদীত নিৰ্মিত হ'ব লগা প্ৰস্তাৱিত বান্ধৰ তীব্ৰ বিৰোধীতা কৰিছে গাৰো জাতীয় পৰিষদে ৷ শনিবাৰে এই বান্ধৰ বিৰোধীতা কৰাৰ উদ্দেশ্যে উকিয়ামৰ ৩৫ খন অসম আৰু মেঘালয় গাঁৱৰ শতাধিক লোক গাৰো জাতীয় পৰিষদৰ প্ৰতিনিধিত্বত উকিয়ামৰ সাংস্কৃতিক প্ৰেক্ষাগৃহত মিলিত হয় । সভাৰ অন্তত গাৰো জাতীয় পৰিষদৰ কামৰূপ জিলাৰ সভাপতি ইনিন্দ্ৰ মাৰাকে সাংবাদিকৰ আগত কয় যে সভাত ৰাইজৰ সন্মতিত কোনো কাৰণতে উকিয়ামত নদী বান্ধ নিৰ্মাণ কৰিবলৈ নিদিয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে ৷ কিয়নো প্ৰস্তাৱিত বান্ধটো নিৰ্মাণ হলে বৃটিছৰ দিনৰ পৰা এই অঞ্চলত বাস কৰি অহা লোকসকল নিজৰ জন্মভূমিতে শৰণাৰ্থী হৈ পৰিব যি কথা কোনো কাৰণতে মানি লোৱা নহ'ব ৷

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও ২০০১ চনত চৰকাৰে এই অঞ্চলত নদী বান্ধ দিয়াৰ যোজা চলাইছিল যদিও উকিয়াম তথা কাষৰীয়া অঞ্চলৰ তীব্ৰ প্ৰতিবাদত সেও মানি মেঘালয় চৰকাৰে এই নিৰ্মাণ কাৰ্য্য অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰি ৰাখিছিল ৷

ABOUT THE AUTHOR

...view details