ছয়গাঁও,২১ জুন :কামৰূপ জিলাৰ ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত গৰৈমাৰীৰ হাতীপাৰাত দেওবাৰে ছয়গাঁও আৰক্ষীয়ে বেটাৰীসহ দুজন চোৰক আটক কৰিবলৈ সক্ষম হয় । আটকাধীন চোৰ দুটা ক্ৰমে হাতীপাৰাৰ আব্দুল জলীল আৰু চাইদুল ইছলাম । জানিব পৰা মতে, ছয়গাঁৱৰ ধুমগাড়াৰ পৰা কিছু দিন পূৰ্বে এখন ট্ৰাকৰ পৰা বেটাৰী চুৰি হৈছিল । বেটেৰী চুৰিৰ অভিযোগৰ ভিত্তিত ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে দেওবাৰে পুৱতি নিশা অভিযান চলাই চোৰ দুটাক আটক কৰিবলৈ সক্ষম হয় ।
ছয়গাঁও আৰক্ষীৰ জালত দুটাকৈ চোৰ - আব্দুল জলীল আৰু চাইদুল ইছলাম
ছয়গাঁও আৰক্ষীয়ে অভিযানত চলাই আটক কৰিলে গাড়ীৰ বেটেৰী সহ দুটাকৈ চোৰ । বাহনৰ গৰাকীৰ অভিযোগৰ ভিত্তিত ছয়গাঁও আৰক্ষীয়ে দেওবাৰে পুৱতি নিশা অভিযান চলাই চোৰ দুটাক আটক কৰিবলৈ সক্ষম হয় ।
ছয়গাঁও আৰক্ষীৰ জালত দুটাকৈ চোৰ
শেহতীয়াকৈ ছয়গাঁও এলেকাত চোৰৰ উপদ্ৰব চলি থকাৰ সময়তে আৰক্ষীৰ এই ভূমিকাত সকলোৱে সন্তুষ্টি প্ৰকাশ কৰিছে।