ছয়গাঁও,27 মেঃ ছয়গাঁৱৰ কলহী নৈত তীব্ৰ গৰাখহনীয়া । নৈৰ বুকুত জাহ গ’ল ছয়গাঁৱৰ পৰা বালাসিদ্ধিলৈ যোৱা পথ ৷ আনহাতে নৈখনৰ পাৰেদি ছয়গাঁও ঘাইপথৰ শিৱমন্দিৰৰ পৰা শিংখাটলৈ যোৱা ব্লক ফেভাৰৰ পথটোৰো 50 মিটাৰ অংশ নৈৰ বুকুত জাহ যায় ৷ উল্লেখ্য যে, ২০১৭ চনত প্ৰায় ৪৯ লাখ টকা ব্যয় সাপেক্ষে পথটোৰ নৈপৰীয়া প্ৰায় 200 মিটাৰ অংশত বন্ধ নিৰ্মান কৰা হৈছিল । কিন্তু পঞ্চায়তৰ দ্বাৰা নিৰ্মানত দুৰ্নীতি সংঘটিত হোৱাৰ ফলত অৰ্ধনিৰ্মিত হৈ ৰ'ল বান্ধৰ কাম ।
ছয়গাঁৱৰ কলহী নৈত গৰাখহনীয়া, বাঁহ পুতি গৰাখহনীয়া ৰোধ ৰাইজৰ - ছয়গাঁৱৰ কলহী নৈত গৰাখহনীয়া
ছয়গাঁৱৰ কলহী নৈত তীব্ৰ গৰাখহনীয়া । নৈৰ বুকুত জাহ গ’ল ছয়গাঁৱৰ পৰা বালাসিদ্ধিলৈ যোৱা পথ ৷ অঞ্চলটোৰ ৰাইজে বুধবাৰে নিজে বাঁহ পুতি গৰাখহনীয়া ৰোধৰ বাবে হাতে কামে লাগি পৰে ৷
ছয়গাঁৱৰ কলহী নৈত গৰাখহনীয়া, বাঁহ পুতি গৰাখহনীয়া ৰোধ ৰাইজৰ
আনহাতে বালাসিদ্ধি গোঁসাইপাৰা গাঁৱৰ কেইবাঠাইতো ২০১৮ চনৰ পৰা কলহী নৈয়ে গৰাখহনীয়া চলাই আছে যদিও উক্ত অঞ্চলত গৰাখহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণ কৰা নাই জলসম্পদ বিভাগে । যাৰ ফলত এতিয়া যাতায়াতৰ একমাত্ৰ পথটো নৈৰ বুকুত জাঁহ যোৱাত অৱশেষত ভয় শংকাত দিন কটোৱা অঞ্চলটোৰ ৰাইজে বুধবাৰে নিজে গৰাখহনীয়া ৰোধৰ বাবে হাতে কামে লাগি পৰে ৷ গাঁওখনৰ ৰাইজে ঘৰে ঘৰে বাঁহ তুলি সকলোৱে শ্ৰমদানেৰে বাঁহ পুতি গৰাখহনীয়া ৰোধৰ চেষ্টা চলায় ।