অসম

assam

ETV Bharat / state

আৰক্ষীৰ জালত উলংগ নৃত্য কাণ্ডৰ মূল খনলায়ক - বাংলাদেশী

ঈদৰ অনুষ্ঠানৰ নামৰ শিল্পী-দলক উলংগ নৃত্য প্ৰদৰ্শন কৰিবলৈ বাধ্য কৰোৱা ছয়গাঁৱৰ আচলপাৰা ঘটনাৰ মূল অভিযুক্তক আটক কৰিছে ছয়গাঁও আৰক্ষীয়ে ৷ ইতিমধ্যে ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত মুঠ 6গৰাকীকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰিলে ছয়গাঁও আৰক্ষীয়ে ৷ আৰক্ষীয়ে আতিকুৰ ৰহমান নামৰ অভিযুক্তটোক গ্ৰেপ্তাৰ কৰি মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷

আতিকুৰ ৰহমান

By

Published : Jun 11, 2019, 10:58 PM IST

ছয়গাঁও, 11 জুনঃ অৱশেষত আৰক্ষীৰ জালত ছয়গাঁৱৰ আচলপাৰাত ৭ জুনৰ নিশা সংঘটিত ঘটনাৰ লগত জড়িত মুল অভিযুক্ত আতিকুৰ ৰহমান ৷ ঈদৰ নামত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত আমন্ত্ৰিত নৃত্যৰ শিল্পী দলক উলংগ নৃত্য কৰিবলৈ হেঁচা দিয়া তথা উলংগ নৃত্য নকৰিলে মৃত্যুৰ ভাবুকি প্ৰদান কৰিছিল এইজন আতিকুৰ ৰহমানে ৷ সোমবাৰে নিশা আৰক্ষীয়ে চলোৱা অভিযান কালত এক গোপন স্থানৰ পৰা গ্ৰেপ্তাৰ কৰে আতিকুৰ ৰহমানক ৷

ধৃত আতিকুৰ ৰহমান

আনহাতে এই কাণ্ডৰ সৈতে জড়িতসকলক শাস্তিৰ দাবী কৰি অঞ্চলটোৰ কেইবা সহস্ৰাধিক পুৰুষ-মহিলা, যুৱক-যুৱতী তথা স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে কঁপাই তোলে বকোৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ চৰচাপৰিত প্ৰশাসনীয় ব্যৱস্থা কটকটীয়া কৰক, বাংলাদেশী সংস্কৃতি বন্ধ কৰক, বাংলাদেশী অগ্ৰাসন বন্ধ কৰক, অসমৰ খিলঞ্জীয়া সজাগ হওক, নৃত্যশিল্পীৰ ওপৰত নিৰ্যাতন বন্ধ কৰক, আচলপাৰা কাণ্ডৰ দোষীক উচিত শাস্তি প্ৰদান কৰক, শিল্পীৰ নিৰাপত্তাৰ ওপৰত গুৰুত্ব দিয়ক, শিল্পীক সন্মান কৰক-উলংগ নহয়, আচলপাৰাৰ কাণ্ডৰ উচিত বিচাৰ লাগে আদি শ্লোগান দিয়ে প্ৰতিবাদকাৰীসকলে ৷ বকোৰ ৰেইনবো ডেঞ্চ ক্ৰিউ আৰু এম কে ডেঞ্চ গ্ৰুপৰ শিল্পীসকলৰ সৈতে হোৱা কাণ্ডত উদ্যোক্তাসকলে লগতে একাংশ উদণ্ড দৰ্শকে চলোৱা অত্যাচাৰৰ একেমুখে নিন্দা আৰু গৰিহণা দি প্ৰতিবাদকাৰীসকলে বকো ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীক এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

প্ৰতিবাদ সমদল
আনহাতে, জনপ্ৰিয় কণ্ঠশিল্পী তথা যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে ছয়গাঁৱৰ আচলপাৰাত বকোৰ শিল্পী দলৰ সৈতে হোৱা কাণ্ডক তীব্ৰ ভাষাৰে গৰিহনণা আৰু ধিক্কাৰ দিছে ৷ যোৱা নিশা কামৰূপ জিলাৰ বকো সমষ্টিৰ ছমৰীয়া সত্ৰৰ ৰাম স্বৰস্বতী খেল পথাৰত ৰংমন সাংস্কৃতিক গোষ্ঠীৰ আমন্ত্ৰণত সংগীতানুষ্ঠানত এই জঘন্য ঘটনাৰ সৈতে জড়িতসকলক শীঘ্ৰে কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰাৰ লগতে শিল্পী সমাজৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ দাবী তোলে জুবিন গাৰ্গে ৷
জুবিন গাৰ্গ

ABOUT THE AUTHOR

...view details