কামৰূপ,30 মেঃ ছয়গাঁৱত বন বিভাগ আৰু আৰক্ষীৰ যৌথ অভিযান ৷ অভিযানত আটক বাগানৰ ফেন্সিং চুৰ কৰা তিনি চোৰ । উল্লেখ্য যে, পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত বামুণীগাঁও বনাঞ্চলিক কাৰ্যালয়ৰ অধীনত একচেলিয়া নামৰ ঠাইত প্ৰায় ৫ হেক্টৰ ভূমিত বৃক্ষৰোপণ কৰা হৈছিল আৰু এই বৃহৎ এলেকাত ফেন্সিঙৰ ব্যৱস্থা কৰা হৈছিল ৷
আনহাতে, বিগত কিছুদিন ধৰি উক্ত এলেকাত থকা ফেন্সিং সমূহ কোনো দুষ্টচক্ৰই চুৰ কৰি লৈ গৈ আছিল । তাৰোপৰি উক্ত অঞ্চলৰ গছ সমূহো কাটি ধ্বংস কৰি আহিছিল । শুকুৰবাৰে বামুণীগাঁও বনাঞ্চলিক বিষয়া কুশল দাসৰ নেতৃত্বত তথা ছয়গাঁও আৰক্ষী থানাৰ সহযোগত অভিযান চলাই তিনিটা ফেন্সিং চোৰক আটক কৰা হয় । আটক কৰা চোৰকেইটা ক্ৰমে ওপৰ খাটিৰাৰ ভাৰত ৰাভা, বিপুল বড়ো আৰু অশ্বিনী ৰাভা ।