অসম

assam

ETV Bharat / state

ছয়গাঁৱৰ আচলপাৰা কাণ্ডৰ লগত জড়িত আৰু এজনক গ্ৰেপ্তাৰ - chaigaon asalpara incident one more arrest

ছয়গাঁৱৰ আচলপাৰা কাণ্ডৰ লগত জড়িত আৰু এজনক গ্ৰেপ্তাৰ ৷ দেওবাৰে নিশা ছয়গাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ছাহনুৰ ইছলাম নামৰ যুৱকজনক

ছয়গাঁৱৰ আচলপাৰা কাণ্ডৰ লগত জড়িত আৰু এজনক গ্ৰেপ্তাৰ

By

Published : Aug 26, 2019, 4:06 PM IST

ছয়গাঁও,26 আগষ্টঃ ছয়গাঁৱৰ আচলপাৰা কাণ্ডৰ লগত জড়িত আৰু এজন লোকক গ্ৰেপ্তাৰ ছয়গাঁও আৰক্ষীৰ ৷ ছয়গাঁৱৰ গৰৈমাৰীৰ আচলপাৰাত যোৱা 7 জুনৰ নিশা এক সাংস্কৃতিক অনুষ্ঠানত বকোৰ এটি নৃত্য দলক উলংগ নৃত্য কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল কিছু সংখ্যক লোকে ৷ উক্ত ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগতে দেওবাৰে নিশা ছাহনুৰ ইছলাম নামৰ যুৱক জনক ছয়গাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষীয়ে লোকজনক ছয়গাঁও আৰক্ষী থানাত ৰুজু হৈ থকা 529/2019 নম্বৰৰ গোচৰত সোমবাৰে জেল হাজোতলৈ প্ৰেৰণ কৰে ৷ ইতিমধ্যে উক্ত ঘটনাই সমগ্ৰ অসমজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল ৷

ছয়গাঁৱৰ আচলপাৰা কাণ্ডৰ লগত জড়িত আৰু এজনক গ্ৰেপ্তাৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details