ETV Bharat Assam

অসম

assam

ETV Bharat / state

এচকাৰ্ডাৰৰ বিৰুদ্ধে আৰছুকে ধৰি বাৰটা সংগঠনৰ পদযাত্ৰা - অসম ৰাজ্যিক ৰাজধানী ক্ষেত্ৰ উন্নয়ন প্ৰাধিকাৰী আইন- ২০১৭

অসম ৰাজ্যিক ৰাজধানী ক্ষেত্ৰ উন্নয়ন প্ৰাধিকাৰী আইন-২০১৭ৰ আঁওতাৰ পৰা ৰাভা হাছং এলেকা তথা ট্ৰাইবেল বেল্ট আৰু ব্লকৰ​ এলেকাধীন গাঁৱসমূহ কৰ্তন কৰাৰ দাবীত কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত বন্দাপাৰাৰ পৰা ২৯ নৱেম্বৰত আৰম্ভ কৰা হৈছিল এই পদযাত্ৰা ৷ শনিবাৰে বকোৰ গান্ধী ময়দানৰ পৰা আৰম্ভ কৰা এই পদযাত্ৰাত প্ৰায় তিনি সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে ৷

Chaigaon ARSU protest
সামৰণি পৰে কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত আৰম্ভ কৰা দুদিনীয়া পদযাত্ৰাৰ
author img

By

Published : Dec 1, 2019, 9:07 AM IST

ছয়গাঁও, 1 ডিচেম্বৰঃশনিবাৰে গোৱৰ্ধনত সামৰণি পৰে কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত আৰম্ভ কৰা দুদিনীয়া পদযাত্ৰা কাৰ্যসূচীৰ ৷ অসম ৰাজ্যিক ৰাজধানী ক্ষেত্ৰ উন্নয়ন প্ৰাধিকাৰী আইন-২০১৭ৰ আঁওতাৰ পৰা ৰাভা হাছং এলেকা তথা ট্ৰাইবেল বেল্ট আৰু ব্লকৰ​ এলেকাধীন গাঁও সমূহ কৰ্তন কৰাৰ দাবীত কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত বন্দাপাৰাৰ পৰা ২৯ নৱেম্বৰত আৰম্ভ কৰা হৈছিল এই পদযাত্ৰা ৷ শনিবাৰে বকোৰ গান্ধী ময়দানৰ পৰা আৰম্ভ কৰা এই পদযাত্ৰাত প্ৰায় তিনি সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে ৷ উক্ত কাৰ্যসূচীত ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী হিমা ৰাভা, ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদৰ সদস্য নগৰমল স্বৰ্গীয়াৰী, বেংগলী ছাত্ৰ ফেডাৰেচনৰ সঞ্জয় চৌধুৰীৰ লগতে কেবাগৰাকীও নেতাই ভাষণ প্ৰদান কৰে ৷ লগতে চৰকাৰে এই সিদ্ধান্ত বাতিল নকৰিলে ভৱিষ্যতে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি ৰাজ্য চাৰকাৰক সকিয়াই দিয়ে আন্দোলনকাৰীসকলে ৷

কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত দুদিনীয়া পদযাত্ৰা

ABOUT THE AUTHOR

...view details