পলাশবাৰীত কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী গংগা পুৰম কিষান ৰেড্ডী
7 দিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূব ভ্ৰমণলৈ আহিছে কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী গৰাকী ৷
দক্ষিণ কামৰূপ, 21 অক্টোবৰ: দেওবাৰে 7দিনীয়া উত্তৰ-পূব ভ্ৰমণসূচী লৈ গুৱাহাটীত উপস্থিত হয় কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী গংগা পুৰম কিষান ৰেড্ডী ৷ যোৱা কালি কামাখ্যা মন্দিৰ পৰিভ্ৰমণ কৰাৰ পাছত সোমবাৰে হঠাৎ দক্ষিণ কামৰূপৰ পলাশবাৰীৰ সমীপৰ বৰিহাটৰ উৰপুটত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী গৰাকী ৷ 2016 চনতে প্ৰাক্তন গৃহমন্ত্ৰী ৰাজনাথ সিঙে উৰপুটত আধাৰশিলা স্থাপন কৰা এটা অত্যাধুনিক সা-সুবিধা থকা ফৰেনচিক বিজ্ঞান পৰীক্ষাগাৰৰ নিৰ্মান কাৰ্যৰ অগ্ৰগতি পৰিৰ্দশনৰ বাবেই মন্ত্ৰীগৰাকী পলাশবাৰীত উপস্থিত হয় ৷ উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ পূৰ্বাঞ্চল পৰ্যবেক্ষণ নীতিৰ আধাৰত ৭ দিনীয়া ভ্ৰমণসূচী লৈ উত্তৰ-পূৰ্বাঞ্চললৈ আহিছে ৰাজ্যিক গৃহমন্ত্ৰী গংগা পুৰম কিষান ৰেড্ডী ৷ যোৱা কালি কামাখ্যা ভ্ৰমণ কৰি খানাপাৰাস্থিত অসম প্ৰশাসনীয় মহাবিদ্যালয়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক সাক্ষাৎ কৰা পাছত গুৱাহাটী আই আই টিত কাশ্মীৰত সংবিধানৰ 370 অনুচ্ছেদ বাতিলৰ ওপৰত এক অনুষ্ঠানত ভাষণ দিয়ে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী গৰাকীয়ে ৷ ইফালে মঙলবাৰে মন্ত্ৰীগৰাকী ইম্ফল অভিমুখে ৰাওনা হব ৷