অসম

assam

ETV Bharat / state

চৰকাৰী নিৰ্দেশনাক আদৰণি ৰঙিয়া কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ - ৰঙিয়াৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনী

মহামাৰী কৰ'ণা ভাইৰাছৰ আতংকৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ স্বাস্থ্য বিভাগে জাৰি কৰা নিৰ্দেশাৱলীক লৈ বিহু কমিটিসমূহৰ মাজত সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়া ৷ স্বাস্থ্য বিভাগৰ এই নিৰ্দেশাৱলীক ৰঙিয়াৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীয়ে আদৰণি জনাই ৰাইজক চৰকাৰী নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনায় ৷ কিন্তু তাৰ মাজতে স্বাস্থ্য বিভাগে সকলোকে মাস্ক পিন্ধাটো বাধ্যতামূলক কৰাত ইয়াকে লৈ একাংশৰ মনত প্ৰশ্ন উত্থাপন হৈছে ৷

central-rangali-bihu-in-rangia
চৰকাৰী নিৰ্দেশনাক আদৰণি ৰঙিয়া কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ

By

Published : Apr 10, 2021, 6:23 PM IST

ৰঙিয়া,10এপ্ৰিল:সমুখত হেঁপাহৰ ৰঙালী বিহু ৷ ৰঙালী বিহুক আদৰিবলৈ সাজু হৈছে এতিয়া ৰাজ্যবাসী ৷ তদুপৰি ৰঙালী বিহু উদযাপনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে ৰাজ্যৰ বিহু কমিটিসমূহেও ৷ কিন্তু মহামাৰী কৰ'ণা ভাইৰাছৰ আতংকৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ স্বাস্থ্য বিভাগে জাৰি কৰা নিৰ্দেশাৱলীক লৈ বিহু কমিটিসমূহৰ মাজত সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়া ৷ স্বাস্থ্য বিভাগৰ এই নিৰ্দেশাৱলীক ৰঙিয়াৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীয়ে আদৰণি জনাই ৰাইজক চৰকাৰী নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনায় ৷

চৰকাৰী নিৰ্দেশনাক আদৰণি ৰঙিয়া কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ

কিন্তু তাৰ মাজতে স্বাস্থ্য বিভাগে সকলোকে মাস্ক পিন্ধাটো বাধ্যতামূলক কৰাত ইয়াকে লৈ একাংশৰ মনত প্ৰশ্ন উত্থাপন হৈছে ৷ মঞ্চত মাস্ক পৰিধান কৰি কিদৰে বিহু দলে বিহু পৰিৱেশন কৰিব তথা নাচনীয়ে মাস্ক পিন্ধি নাচিব বুলি প্ৰশ্ন কৰে উদ্যোক্তাই ৷ তদুপৰি মাস্ক পিন্ধি শিল্পীয়ে কেনেদৰে গীত পৰিৱেশন কৰিব সেই লৈও প্ৰশ্ন কৰি এই সন্দৰ্ভত পুনৰ স্বাস্থ্য বিভাগক বিবেচনা কৰিবলৈ আহ্বান জনায় বিহু সন্মিলনীৰ উদ্য়োক্তাই ৷

লগতে পঢ়ক:শ্বহীদ দিলীপ কুমাৰ দাসৰ বাসগৃহত উপস্থিত হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details