কামৰূপ, 17 আগষ্টঃ কেন্দ্ৰীয় খাদ্য প্ৰস্তুত কৰণ আৰু লঘু উদ্যোগ বিভাগে উত্তৰ পূৰ্বাঞ্চলত স্থাপন কৰিব অত্যাধুনিক খাদ্য প্ৰস্তুত কৰণৰ প্ৰতিষ্ঠান । প্ৰতিষ্ঠানটো স্থাপনৰ বাবে প্ৰয়োজন হোৱা ভূমিৰ কাৰণে শনিবাৰে বিয়লি কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে বিভাগটোৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত হয় ৰঙিয়াত । কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক সংগ দিয়ে ৰাজহ তথা জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই । প্ৰতিষ্ঠানটোৰ বাবে ৰঙিয়াৰ তুলসীবাৰীত থকা কৃষি ফাৰ্মৰ ভূমি পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে । ভূমি পৰিদৰ্শন কৰি মন্ত্ৰী গৰাকীয়ে প্ৰতিষ্ঠানটোৰ বাবে ৫০ বিঘা ভূমিৰ প্ৰয়োজন হ'ব বুলি দোহাৰি প্ৰতিষ্ঠানটোৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকল বিশেষ ভাবে উপকৃত হ'ব বুলি দোহাৰে । জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই ৰঙিয়াবাসীৰ হৈ প্ৰতিষ্ঠানটো ৰঙিয়াত স্থাপন কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক অনুৰোধ জনায় ।
গুৱাহাটীত 50 বিঘা মাটি বিচাৰি হাবাথুৰি খাইছে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ! - ভৱেশ কলিতা
উত্তৰ পূৰ্ৱাঞ্চলত কেন্দ্ৰীয় খাদ্য প্ৰস্তুত কৰণ আৰু লঘু উদ্যোগ স্থাপনৰ বাবে ৰঙিয়াৰ তুলসীবাৰীত থকা কৃষি ফাৰ্মৰ ভূমি পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে । ভূমি পৰিদৰ্শন কৰি মন্ত্ৰী গৰাকীয়ে প্ৰতিষ্ঠানটোৰ বাবে ৫০ বিঘা ভূমিৰ প্ৰয়োজন হ'ব বুলি দোহাৰি প্ৰতিষ্ঠানটোৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকল বিশেষ ভাবে উপকৃত হ'ব বুলি দোহাৰে ৷
50 বিঘা ভূমিৰ প্ৰয়োজন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ!
আনহাতে, বাইহাটা চাৰিআলিতো হঠাৎ উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী গৰাকী । বাইহাটা চাৰিআলিৰ বিহদিয়া জাজীকোনা খণ্ড উন্নয়ণ বিষয়াৰ কাৰ্যালয়ৰ সমীপত থকা বীজ ফাৰ্মৰ মাটি পৰিদৰ্শন কৰে ৰামেশ্বৰ তেলীয়ে । গুৱাহাটীত থকা ভাৰতবৰ্ষৰ ভিতৰৰ তৃতীয়খন ফুড প্ৰচেছিং ইনষ্টিটিউটৰ বাবে নিজাববীয়া মাটি নথকাত গুৱাহাটীৰ আশে পাশে এইদৰে মাটি বিছাৰিছে মন্ত্ৰী গৰাকীয়ে ।